অসম জ্যোতিষ সভাৰ পঞ্চম দ্বি – বাৰ্ষিক বৈদিক জ্যোতিষ অধিবেশনখন বিখ্যাত গ্ৰহৰত্ন বিক্ৰেতা প্ৰতিষ্ঠান ‘জিঅ জেমছ’ জেনুইন প্ৰাইভেট লিমিটেডৰ সহযোগত আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা পুথিভঁৰালৰ সভাগৃহত অনুষ্ঠিত হৈ যায় । পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম জ্যোতিষ সভাৰ সভাপতি ডঃ দীপক দেৱ শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে সভাৰ সঞ্চালক ডঃ অনিল বৰুৱাই । আনহাতে বন্তি প্ৰজ্বলন কৰে ডঃ কুমুদ শৰ্মা শাস্ত্ৰী আৰু ডঃ নবীন চন্দ্ৰ বৰাই । অধিবেশনৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাৰ পৰা বৈদিক জ্যোতিষ আলোচনা চক্ৰ আৰু মুকলি অধিবেশন অনুষ্ঠিত হয় । আলোচনা চক্ৰ আৰু মুকলি অধিবেশন উদ্ধোধন কৰে ডঃ তৰুণ ভট্টাচাৰ্যই । আনহাতে আলোচনা চক্ৰত আলোচক হিচাপে কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ নৃপেন শৰ্মা , ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অম্বৰীশ , বিশিষ্ট জ্যোতিষী ডঃ শান্তনু শৰ্মা বৰুৱা , আৰু ডঃ গৌতম বৰুৱা , উপস্থিত থাকে । অনুষ্ঠানত অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা জ্যোতিষ পত্ৰিকা ‘ দৈবজ্যোতি’ উন্মোচন কৰা হয় । অনুষ্ঠানত সমাজলৈ অনবদ্য অৱদান আগবঢ়াই অহা কেবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । তাৰ ভিতৰত দক্ষ প্ৰশাসক বঁটা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক , মানৱ দৰদী চিকিৎসক বঁটা ডাঃ হিতেশ বৰুৱা আৰু ডাঃ নয়নজ্যোতি দাসক , সমাজসেৱক বঁটা জিঅ জেমছৰ পৰিচালন সঞ্চালক গোপাল কৰ্মকাৰক প্ৰদান কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বঁটা সমূহো অনুষ্ঠানত প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে ১২ নৱেম্বৰত পাণবজাৰস্থিত শ্ৰী শ্ৰী জনাৰ্দন দেৱালয় চৌহদত দিনৰ ভাগত শ্ৰী শ্ৰীবিষ্ণু ও নৱগ্ৰহ যজ্ঞানুষ্ঠান সম্পন্ন কৰা হয় ।
অসম জ্যোতিষ সভাৰ পঞ্চম দ্বি – বাৰ্ষিক বৈদিক জ্যোতিষ অধিবেশন সম্পন্ন
