অসম আৰু মেঘালয়ৰ ডিচিবিএলৰ লাইমষ্টোন মাইনছে লাভ কৰিছে বিভিন্ন শ্ৰেণীত ১৫ টা বঁটা

আগশাৰীৰ ভাৰতীয় চিমেণ্টৰ মুখ্য আৰু ডালমিয়া ভাৰত লিমিটেডৰ সহায়ক কোম্পানী, ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেড (ডিচিবিএল)-এ শেহতীয়াকৈ ভাৰত চৰকাৰৰ খনি সুৰক্ষা সঞ্চালকালয়ৰ (ডিজিএমএছ) অধীনত গুৱাহাটীত ১৮ তম উত্তৰ-পূব গ্ৰেণ্ড মেটালিফ্ৰাছ খনি সুৰক্ষা সপ্তাহ সফলতাৰে সমাপ্ত কৰিছে। অনুষ্ঠানটোত মুখ্য অতিথিৰূপে খনি সুৰক্ষা পূৱ মণ্ডলৰ উপ-সঞ্চালক প্ৰধান  উজ্জ্বল তাহে অংশগ্ৰহণ কৰে।

গ্ৰেণ্ড মেটাললাইফ্ৰাছ খনি সুৰক্ষা সপ্তাহৰ ১৮ তম সংস্কৰণত অঞ্চলটোৰ উদ্যোগ সম্প্ৰদায়ৰ পৰা উল্লেখযোগ্য অংশগ্ৰহণ দেখিবলৈ পোৱা যায়, যাৰ ভিতৰত আছে ১৭ টা খনি কোম্পানীৰ ২৫০ ৰো অধিক প্ৰতিনিধিৰ অনুষ্ঠানটোত অংশগ্ৰহণ। খনি পৰিদৰ্শনৰ সময়ত সম্পূৰ্ণ হোৱা বিভিন্ন শ্ৰেণীৰ আধাৰ মূল্যাঙ্কনত পুৰস্কৃত কৰা হৈছিল।

অনুষ্ঠানটোৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি গুৱাহাটী প্ৰান্তৰ খনি সুৰক্ষা সঞ্চালকালয়ৰ খনি সুৰক্ষা সঞ্চালক ইয়োহান য়েজেৰলাই কয়, “সুৰক্ষা সপ্তাহৰ মুখ্য উদ্দেশ্য হৈছে সকলো খনি মালিক আৰু কৰ্মচাৰীক সুৰক্ষিত খনন পদ্ধতিৰ দিশত সহযোগিতামূলকভাৱে কাম কৰা আৰু খনিৰ লগতে সামগ্ৰিকভাৱে খনি উদ্যোগত দুৰ্ঘটনা যথেষ্ট হ্ৰাস কৰা।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *