অসমৰ ২০ খন জিলাত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস

63

বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰে লোৱা কঠোৰ আইনী ব্যৱস্থাৰ ফলত ৰাজ্যখনত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে। এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে। আন্তৰ্জাতিক ন্যায় দিৱস উপলক্ষে বুধবাৰে ইণ্ডিয়া চাইল্ড প্ৰটেকশনৰ অধ্যয়ন দলটোৱে ‘ন্যায়ৰ দিশত: বাল্য বিবাহ সমাপ্ত কৰা’ প্ৰতিবেদনখন মুকলি কৰে। ইয়াত কোৱা হৈছে যে ২০২২ চনত, সমগ্ৰ দেশত মুঠ ৩,৫৬৩ টা বাল্য বিবাহৰ ঘটনা পঞ্জীয়ন হৈছিল, য’ত মাত্ৰ ১৮১ টা গোচৰ সফলতাৰে নিষ্পত্তি কৰা হৈছিল। অসমৰ উদাহৰণ দাঙি ধৰি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগ চমুকৈ এনচিপিচিআৰৰ মুৰব্বী প্ৰিয়ংক কানুংগো আৰু ‘বাল্য বিবাহ মুক্ত ভাৰত’ৰ (চিএমএফআই) প্ৰতিষ্ঠাপক ভুৱন ৰিবুৱে কয় যে উত্তৰ-পূবৰ ৰাজ্যখনৰ আৰ্হিটো সকলো ৰাজ্যতে ৰূপায়ণ কৰা উচিত।
অসম চৰকাৰে যোৱা কেইবছৰমান ধৰি বাল্য বিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। অসম কেবিনেটে কেইমাহমান আগতে সিদ্ধান্ত লৈছিল যে যিসকলে ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰায় তেওঁলোকৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। অসমত হাজাৰ হাজাৰ এজাহাৰ দাখিল কৰা হৈছে আৰু এই সন্দৰ্ভত বৃহৎ সংখ্যক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০২১-২২ আৰু ২০২৩-২৪ বৰ্ষৰ ভিতৰত অসমৰ ২০ খন জিলাত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে। অধ্যয়নটোত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) আৰু অসমৰ ২০ খন জিলাৰ ১,১৩২ খন গাওঁৰ তথ্য সংগ্ৰহ কৰা হৈছিল, যাৰ মুঠ জনসংখ্যা ২১ লাখ, যাৰ ভিতৰত ৮ লাখ শিশু। এই অনুসৰি, অসম চৰকাৰৰ প্ৰচাৰৰ বাবে ৰাজ্যখনৰ ৩০ শতাংশ গাঁৱত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে, আনহাতে এসময়ত বৃহৎ পৰিমাণে বাল্য বিবাহ প্ৰচলিত হোৱা ৪০ শতাংশ গাওঁত বহু পৰিমাণে হ্ৰাস হৈছে।