অসমৰ প্ৰখ্যাত সমাজ বিজ্ঞানী তথা পণ্ডিত ইন্দিবৰ দেউৰীৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে।
উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাগত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে ৭৭ বৰ্ষীয় দেউৰীক মহানগৰীৰৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰাত তেওঁক জিএমচিএইচলৈ স্থানান্তৰিত কৰা হয়। আৰু তাতেই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পণ্ডিত গৰাকীয়ে।
উল্লেখ্য যে, দেউৰীয়ে যুক্তিবাদৰ ওপৰত কেইবাটাও অন্তৰ্দৃষ্টিসম্পন্ন প্ৰবন্ধ লিখি সমাজত যুক্তিবাদী চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল।
অসমৰ জনগোষ্ঠীয় বিষয়সমূহৰ ওপৰতো তেওঁ বিস্তৃত অধ্যয়ন কৰিছিল আৰু তাৰ ওপৰত অনেক প্ৰৱন্ধ লিখি থৈ গৈছে।
সমাজ বিজ্ঞানী হিচাপে তেওঁ মূলতঃ জনগোষ্ঠীয় সমস্যঃ অতীত, বৰ্তমান, ভবিষ্যত আৰু যুক্তি আৰু জনসমাজ গ্ৰন্থৰ বাবে পৰিচিত আছিল।
লগতে লেখক প্ৰসেনজিৎ চৌধুৰীৰ সৈতে যুক্তি বিকাশ, যুক্তিৰ পোহৰত সমাজ, আৰু জ্যোতি-বিষ্ণুঃ সাংস্কৃতিক ৰূপান্তৰৰ ৰূপৰেখা শীৰ্ষক তিনিখন গ্ৰন্থ সম্পাদনা কৰিছিল।
অসমীয়া প্ৰগতিশীল আলোচনী নতুন পদাতিকৰ সহকাৰী সম্পাদক হিচাপেও দেউৰী জড়িত আছিল।
১৯৪৫ চনৰ ২৭ এপ্ৰিলত শ্বিলঙত জননেতা ভীমবৰ দেউৰী আৰু কমলাৱতী দেউৰীৰ ঘৰত জন্মগ্ৰহণ কৰা পণ্ডিতগৰাকীয়ে ইংৰাজী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত ভাৰতীয় ডাক সেৱাত যোগদান কৰি মুখ্য ডাক মাষ্টাৰ জেনেৰেল (CPMG) হিচাপে অৱসৰ গ্ৰহণ কৰে।
এইগৰাকী প্ৰখ্যাত সমাজ বিজ্ঞানী তথা পণ্ডিতৰ বিয়োগৰ বাতৰি লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।