অসমৰ পাৰঘাট কেইটাক লৈ ৰাজনীতি নকৰিব

অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে নিজা খেয়ালখুচিমতে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি যাত্রীবাহী ফেৰীৰ ভাড়া চাৰিগুণ পৰ্য্যন্ত বৃদ্ধি কৰা সিদ্ধান্তত আম আদমি পার্টীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। অতি সোনকালে এই সিদ্ধান্ত বাতিলৰ পোষকতা কৰি আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে পেট্ৰ’ল, ডিজেলকে নিত্য প্রয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অসম সাধাৰণ জনতাক কোঙা কৰি ৰখাৰ সময়তে জল পৰিবহন বিভাগে যি ফেৰীৰ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ইয়াক কেতিয়াও মানি লোৱা নহ’ব। এই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত মাজুলীবাসীৰ লগতে অসমৰ জনসাধাৰণৰ প্ৰতি অসম চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চূড়ান্ত অন্যায়। আম আদমি পাৰ্টীয়ে বিজেপি চৰকাৰৰ এজন অদক্ষ পৰিবহন মন্ত্ৰীৰ বাবেই এই কাৰ্যসমূহ হ’বলৈ পাইছে বুলি ক্ষোভ প্রকাশ কৰি অসমৰ পাৰ্ঘাটকেইটাক লৈ ভৱিষ্যতে কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *