‘অসমীয়া শিশু সাহিত্য: সম্ভাৱনা আৰু প্ৰত্যাহ্বান’ দিশপুৰ মহাবিদ্যালয় আৰু দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আয়োজন

দিশপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত সাহিত্য অকাডেমিৰ উদ্যোগত আৰু দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত শনিবাৰে “অসমীয়া শিশু সাহিত্য: সম্ভাৱনা আৰু প্ৰত্যাহ্বান” শীৰ্ষক আলোচনা আৰু যুৱ সাহিতিৰ আয়োজন কৰা হয়। দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মালৱিকা ভট্টাচাৰ্যই আঁতধৰা উদ্বোধনী অনুষ্ঠানটিত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই সাহিত্য অকাডেমিৰ সমূহ বিষয়ববীয়াক কৃতজ্ঞতা জনাই কয় যে শিশুৰ মানশিক বিকাশ আৰু সমাজক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিশু সাহিত্যৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ উল্লেখ কৰে যে শিশু সাহিত্যই শিশুক সজ চিন্তা চৰ্চা আৰু মানসিকতাৰ অধিকাৰী কৰাৰ লগতে প্ৰাচীন ঐতিহ্যৰ প্ৰতি আস্থাশীল কৰি তুলিব পাৰে। সাহিত্য অকাডেমিৰ ক্ষেত্ৰীয় সচিব দেবেন্দ্ৰ কুমাৰ দেবেশে আদৰণি ভাষণ সন্দৰ্ভত সাহিত্য অকাডেমিৰ দেশজুৰি বৰঙণিৰ কথা উল্লেখ কৰি কয় যে সাহিত্য অকাডেমিয়ে কেৱল দেশৰ পৰিচিত সাহিত্যকেই নহয় যিসমূহ সাহিত্যই এতিয়াও স্বীকৃতি লাভ কৰা নাই, সেইসমূহ সাহিত্যৰ সমৃদ্ধিকৰণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সাহিত্য অকাডেমীৰ অসমীয়া উপদেষ্টা ব’ৰ্ডৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই আলোচনা চক্ৰৰ বিষয়বস্তুৰ পৰিচয় দি শিশু সাহিত্যৰ লেখকসকলৰ সন্মুখত থকা প্ৰচণ্ড দায়িত্ব আৰু বহু প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিশুসাহিত্যই হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সেতুবন্ধন লগতে সাহিত্যৰ জৰিয়তেহে তেওঁলোকক জীৱনে আগবঢ়োৱা আৰু দাবী কৰা গতিশীলতা শিকিব।
এই অনুষ্ঠানৰ মুখ্য অতিথি দৈনিক জনমভূমিৰ সম্পাদক সঞ্জীব ফুকনে উল্লেখ কৰে যে অসমীয়া শিশু সাহিত্য বৰ্তমানৰ হিচাপত হয়তো প্ৰাসাদৰ অট্টালিকা নহ’বও পাৰে, কিন্তু ই নিশ্চিতভাৱে এনে এক অনন্য নতুনত্বৰ সন্ধান থকা এটা অসম আৰ্হিৰ ঘৰৰ দৰে যিটো আন সাহিত্যত পোৱা নাযায়। অসমীয়া শিশু সাহিত্যই তেওঁৰ মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰামসৰস্বতী, শ্ৰীধৰ কন্দলী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মহান সাহিত্যিকৰ চিন আৰু উত্তৰাধিকাৰ বহন কৰে। অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে আঙুলিয়াই দিয়ে যে প্ৰাপ্তবয়স্কসকলে নষ্টালজিয়াত জীয়াই থকাৰ সময়ত শিশুসকলে কৌতুহল আৰু অনুসন্ধিৎসুতাৰে ভৰা এখন পৃথিৱীত বাস কৰে।সেয়েহে শিশু সাহিত্যিকসকলে শিশু সকলক ভৱিষ্যতে শিশু সাহিত্যৰ প্ৰতি আকৃষ্ট কৰি ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলাৰ পৰামৰ্শ আগবঢ়ায়। অসমীয়া বিভাগৰ অধ্যাপিকা বৰ্ণালী বৰাই শলাগৰ শৰাই দিয়া উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ সুনিতা আগৰৱালাকে আদি কৰি বহু শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে সঞ্চালনা কৰা প্ৰথম সত্ৰত গৱেষণা পত্ৰ পাঠ কৰে বিশালদীপ কাকতি, দিগন্ত ওজা আৰু জুৰি দত্তই। বিশিষ্ট সাহিত্যিক মৃণাল কলিতাই সঞ্চালনা কৰা দ্বিতীয় সত্ৰত গৱেষণা পত্ৰ পাঠ কৰে বিনীতা বৈশ্য আৰু যুগল লোচন দাসে।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া যুৱলেখকৰ সৈতে যুৱসাহিতি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে উদীয়মান যুৱলেখক জিন্টু গীতাৰ্থ, কস্তুৰী চুতীয়া,নিষ্কামনা অসমীয়া আৰু নয়নজ্যোতি শৰ্মাই।এই শিতানটি সঞ্চালনা কৰে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ মালৱিকা ভট্টাচাৰ্য্যই। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই আলোচনা আৰু যুৱসাহিতি অনুষ্ঠানৰ অসম সংগীতেৰে সামৰণি পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *