গুৱাহাটীৰ জিএনআৰচি হাস্পাতালৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত নতুন অসমীয়া চলচ্চিত্ৰ ‘গুৱাহাটী ডায়েৰীজ’-ৰ ট্ৰেইলাৰ মুকলি কৰা হয়। ট্ৰেইলাৰ মুকলি কৰি জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই কয়- ‘গুৱাহাটী ডায়েৰীজ’-
চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ চাই অলপ ধাৰণা কৰিব পাৰি যে চলচ্চিত্ৰখনৰ জৰিয়তে এক সুন্দৰ বার্তা দিয়াৰ প্ৰয়াস কৰা হৈছে। কাৰোবাৰ স্বপ্নৰ চহৰ গুৱাহাটী।য’ত কাৰোবাৰ স্বপ্ন পুৰণ হয় কেতিয়াবা আৰু সেই স্বপ্ন হেৰাই যায়। ভিৰৰ মাজত একক অনন্য হৈ থকাৰ দিশৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশ চলচ্চিত্ৰখনত দেখুৱাৰ নিশ্চয় প্ৰয়াস কৰা হৈছে। চলচ্চিত্ৰখনে দৰ্শকৰ সঁহাৰি লাভ কৰিব বুলি আশা কৰিলোঁ। চলচ্চিত্ৰখনৰ প্ৰযোজক তথা জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ প্ৰণীতা শইকীয়াৰ সাংস্কৃতিক মনৰ বহি:প্ৰকাশ ঘটিছে। অধিকাংশ যুৱ-প্ৰজন্মই অভিনয় কৰা চলচ্চিত্ৰখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ। লগতে সামাজিক মাধ্যমৰ জৰিয়তেও চলচ্চিত্ৰখনে প্রচাৰ লাভ কৰিব বুলি আশা কৰিলোঁ। কিয়নো চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল হ’বলৈ হলে সামাজিক মাধ্যমত অধিক প্ৰচাৰ হোৱা জৰুৰী।’ মঞ্জুৰাণী ডেকাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া, জি এন আৰ চি হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰা, চলচ্চিত্ৰখনৰ পৰিচালক প্ৰশান্ত শইকীয়া আদিয়ে বন্তি প্ৰজ্জ্বলন কৰে।চলচ্চিত্ৰখনৰ প্ৰযোজক ডাঃ প্ৰণীতা শইকীয়াই অনুষ্ঠানৰ আৰম্ভণিতে এটা গীত পৰিবেশন কৰাৰ লগতে চলচ্চিত্ৰখনৰ বিষয়ে কয়। তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে বুলি কয়। ‘গুৱাহাটী ডায়েৰীজ’ দৰ্শকে আদৰি লব বুলি তেওঁ আশা প্ৰকাশ কৰে।’ এই অনুষ্ঠানত অসমৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো কলা-কুশলীৰ লগতে অসমৰ আগশাৰীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰহৰ প্ৰডাকচনৰ নিবেদনত নিৰ্মিত চলচ্চিত্ৰখন পৰিচালনা কৰিছে প্ৰশান্ত শইকীয়াই আৰু প্ৰযোজনা কৰিছে ডাঃ প্ৰণীতা শইকীয়াই। চলচ্চিত্ৰখনৰ দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া আৰু উর্মিলা মহন্তই। লগতে বিশিষ্ট সংগীত শিল্পী মনিষা হাজৰিকা, উদয়ন দুৱৰা, অর্ঘদীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, নাজ চুলতানা, হেমন্ত দেৱনাথ, মিন্টু বৰুৱাকে ধৰি কেইবাজনো অভিনেতাই চলচ্চিত্ৰখনত অন্যান্য চৰিত্ৰত অভিনয় কৰিছে। সদাব্যস্ত গুৱাহাটীৰ কেইজনমান মহানগৰবাসীৰ জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ আধাৰত চলচ্চিত্ৰখনৰ কাহিনী ৰচনা কৰা হৈছে। পৰিচালক প্ৰশান্ত শইকীয়াই এই অনুষ্ঠানত কয়- চলচ্চিত্ৰখনত দৰ্শকে বৰ্ষা ৰাণী বিষয়া আৰু উর্মিলা মহন্তৰ দুৰ্দান্ত অভিনয় প্ৰত্যক্ষ কৰিব। প্ৰতিটো চৰিত্ৰকেই খুব সুন্দৰকৈ অভিনেতাসকলে ফুটাই তুলিবলৈ সক্ষম হৈছে। উল্লেখ্য, চলচ্চিত্ৰখনৰ কাহিনী প্ৰশান্ত শইকীয়াৰ। চিত্ৰনাট্য লিখিছে প্রশান্ত শইকীয়া, নীল বৰ্মণ আৰু অভিজিৎ ৰয়ে। চলচ্চিত্ৰখনৰ দৃশ্যগ্রহণ পাপু ডেকাৰ আৰু সম্পাদনা কৰিছে অভিজিৎ ৰয়ে। আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ । শুকুৰবাৰে মুক্তি পোৱা ট্ৰেইলাৰটো পৰিকল্পনা আৰু সম্পাদনা কৰিছে অভিজিৎ লস্কৰে। ট্ৰেইলাৰটো ইতিমধ্যে ডিজিটেল তথা সামাজিক মাধ্যমত উপলব্ধ হৈছে। পহিলা জুলাইত মুক্তি লাভ কৰিব লগীয়া চলচ্চিত্ৰখন দর্শকে আদৰি ল’ব বুলি আশা কৰিলোঁ। লগতে চলচ্চিত্ৰখনৰ অধিক প্ৰচাৰ হোৱা কামনা কৰিলোঁ যাতে দর্শকে ছবিগৃহলৈ আহি চলচ্চিত্ৰখন উপভোগ কৰে।