অসমত আফস্পাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)( আফস্পা) ৰাজ্যৰ চাৰিখন জিলাত ছয় মাহলৈ ম্যাদ বৃদ্ধি কৰিছে। এই চাৰিখন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। চৰকাৰে কয় যে এই ঘোষণা ১ এপ্ৰিল, ২০২৪ ৰ পৰা কাৰ্যকৰী হ’ব। গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ তিনিখন জিলা আৰু নাগালেণ্ডৰ আঠখন জিলা আৰু আন কিছু অঞ্চলত আফস্পা আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰিছিল। মন্ত্ৰালয়ে উত্তৰ-পূবৰ দুখন ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্ত লৈছিল। এক জাননীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ ধাৰা-৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ অন্তৰ্গত অঞ্চল আৰু অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌখাম আৰক্ষী থানা অঞ্চলত ১ এপ্ৰিলৰ পৰা ৬ মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। আন এক জাননীত মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত নাগালেণ্ডৰ আঠখন জিলা – ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, সোম, কিফিৰে, নকলাক, ফেক আৰু পেৰেনত আফস্পা আৰু ছয় মাহৰ বাবে বৃদ্ধিৰ কৰাৰ সিদ্ধান্ত লৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *