চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতয়ে দুবাৰকৈ অহা বানত অসমৰ ৩২ খন জিলাৰ ৫৫ লাখ লোক আক্ৰান্ত হোৱা আৰু শতাধিক লোক মৃত্যু হোৱা তথা কেবা লাখ হেক্টৰ খেতি পথাৰ ধ্বংস হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু বানপীড়িত ৰাইজক সাহাৰ্য প্ৰদান আৰু উদ্ধাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ব্যক্ত কৰিছে। দলৰ এক বিজ্ঞপ্তি কয় যে বানপীড়িত বহু অঞ্চলৰ ৰাইজে এতিয়াও বান সাহাৰ্য পোৱা নাই আৰু যি অঞ্চলসমূহে সাহাৰ্য লাভ কৰিছে সেয়া কণা হাহক পতাণ দিয়াৰ দৰে হৈছে বুলি ৰাইজে অভিযোগ উঠাইছে। দলটোৱে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুহাত খুলি সাহাৰ্য দিয়াৰ অৰ্থ এয়ে নেকি? আটাইতকৈ উদ্বেগৰ বিষয় যে বানপানী সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ কোনো আগতীয়া প্ৰস্তুতিয়ে নাছিল সেইটো সম্প্ৰতি বান পৰিস্থিতিত চৰকাৰখনৰ ব্যৰ্থতাই প্ৰমাণ কৰিছে। বহুতো মেৰামতি কৰিবলগীয়া মঠাউৰি মেৰামতিয়ে কৰা নহ’ল, যাৰ ফলত মঠাউৰি ভাঙি বিস্তীৰ্ণ অঞ্চল ৰাতিটোৰ ভিতৰতে বানৰ কবলত পৰিল। আনহাতে বানৰ মহা দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰেডিচন ব্লু পঞ্চ তাৰকা হোটেলত মহাৰাষ্ট্ৰ চৰকাৰ ভঙাৰ কুচকায়াজ, ত্ৰিপুৰাৰ উপনিৰ্বাচনৰ প্ৰচাৰ আৰু দিল্লীত ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যস্ত থকা ঘটনাক দলে ধিক্কাৰ দিছে। বিজ্ঞপ্তিটোত দলটোৱে কয় যে অসমে ভয়াবহ বানৰ কবলত পৰাৰ পিছতো এই পৰ্যন্ত কেন্দ্ৰৰ মোদী চৰকাৰে কোনো সাহাৰ্য পেকেজ ঘোষণা কৰা নাই আৰু বান পৰিস্থিতিৰ বুজ ল’বলৈ কোনো কেন্দ্ৰীয় টীম পঠোৱা নাই। এয়া অসমৰ প্ৰতি চৰম অন্যায় আৰু বৈষম্য তথা ডিঙিত গামোচা লৈ অসম প্ৰেম দেখুওৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভণ্ডামিক উদঙাই দিছে বুলি দলে অভিহিত কৰিছে। দলে অতি শীঘ্ৰে কেন্দ্ৰই অসমক তাৎক্ষণিক সাহাৰ্যৰ বাবে ২০০০ কোটি টকাৰ পেকেজ প্ৰদান কৰা, প্ৰতিটো বানপীড়িত অঞ্চলত পৰ্যাপ্ত শিশু খাদ্য, পশু খাদ্য সহ খাদ্য সাহাৰ্য, চিকিৎসা সাহাৰ্য প্ৰদান কৰা, উদ্ধাৰ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। লগতে উপায়ুক্তক ধমক দিয়াৰ পৰিবৰ্তে কোন কোন জিলাৰ বাবে কিমান সাহাৰ্য পুজি মোকলাই দিয়া হৈছে তাক ৰাজহুৱা কৰিবলৈ দাবী জনাইছে।
উল্লেখিত দাবীৰ লগতে নিবনুৱা বিৰোধী অগ্নিপথ আঁচনি বাতিলৰ দাবীত আজি দলটোৱে আৰু গণ সংগঠন সমূহ বিপ্লৱী যুৱ সন্থা, আইছা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আদিয়ে যোৰহাট, ডিব্ৰুগড়, বিশ্বনাথ আদি জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে