‘অশ্লীল’ পোষ্ট এটা লাইক কৰাটো অপৰাধ হ’ব নোৱাৰে। শ্বেয়াৰ কৰা বা পুনৰ পোষ্ট কৰাটো শাস্তিযোগ্য অপৰাধ। এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত এনে পৰ্যবেক্ষণ কৰি মন্তব্য কৰে।
আদালতত মহম্মদ ইমৰাণ কাজী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ শুনানি চলি আছিল। সেই গোচৰ খাৰিজ কৰিছিল ন্যায়াধীশ অৰুণ কুমাৰ সিঙে। অবৈধ সমাৱেশৰ এটা পোষ্ট লাইক কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ন্যায়াধীশগৰাকীয়ে কয়, “আৱেদনকাৰীক কোনো আপত্তিজনক পোষ্টৰ সৈতে সংযোগ কৰিব পৰা কোনো সামগ্ৰী মই পোৱা নাই। কাৰণ আবেদনকাৰীৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা নগ’ল। গতিকে আবেদনকাৰীৰ বিৰুদ্ধে কোনো গোচৰ থাকিব নোৱাৰে।”
একে সময়তে তেওঁ কোৱা শুনা যায়, “অভিযুক্তই ফাৰহান উছমানৰ এটা পোষ্ট লাইক কৰিলে। কিন্তু কাৰোবাৰ পোষ্ট লাইক কৰাটো ৬৭ আই টি এক্টৰ অধীনত অপৰাধ হ’ব নোৱাৰে।” প্ৰসংগক্ৰমে যোৱা ৩০ জুনত আগ্ৰা আদালতে ইমৰাণৰ বিৰুদ্ধে অভিযোগনামা গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰে। কিন্তু এইবাৰ উচ্চ ন্যায়ালয়ত গোচৰ খাৰিজ কৰা হয়।