অশান্ত মণিপুৰ! দুৰ্বৃত্তই জ্বলাই দিলে গাঁও, নতুনকৈ সংঘৰ্ষৰ খবৰ…

এক নতুন অশান্তিৰ ঢৌৰ মাজত ১৬ জুলাইত মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰৰ সীমান্তত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়।

ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সংঘটিত হোৱা গুলিয়াগুলীৰ পিছতে টাংবুহ গাঁওখন জ্বলাই দিয়ে দুৰ্বৃত্তই।

বিষ্ণুপুৰ জিলাৰ সমীপৰ টিংকাই খোলেনৰ সমীপত সংঘটিত হয় এই সংঘৰ্ষ।অব্যাহত থকা অশান্তিৰ লগতে ১৫ জুলাইত মহিলা প্ৰতিবাদকাৰীয়ে ইম্ফল পশ্চিমৰ ছেকমাই গাঁৱত কুকি-জো জনজাতি এজনৰ মালিকানাধীন এল পি জি চিলিণ্ডাৰ কঢ়িয়াই অনা তিনিখন ট্ৰাক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

খিলঞ্জীয়া জনজাতি নেতা মঞ্চই এই অঞ্চলত জীৱন আৰু সম্পত্তিৰ প্ৰতি অৱজ্ঞাক লৈ উদ্বেগ প্ৰকাশ কৰি হিংসাত্মক কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *