অল-ইলেক্ট্ৰিক মহিন্দ্ৰা থাৰ.ই ধাৰণা

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সহযোগী প্ৰতিষ্ঠান মহিন্দ্ৰা ইলেক্ট্ৰিক অটোম’বাইলছ লিমিটেডে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত ফিউচাৰস্কেপ অনুষ্ঠানত “ভিজন থাৰ.ই”খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। থাৰ.ই বাহনখনৰ ডিজাইনত এক বৈপ্লৱিক পৰিৱৰ্তনক দাঙি ধৰাই নহয়, লগতে ব্ৰেণ্ডটোৰ শক্তিশালী ডিএনএ সংৰক্ষণ আৰু ‘‘অসম্ভৱ অন্বেষণ’ দৰ্শনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। এই বৈদ্যুতিক উদ্ভাৱন ইংলো-ত জন্মা বৈদ্যুতিক প্লেটফৰ্মৰ দ্বাৰা চালিত, য’ত এক অত্যাধুনিক উৎকৃষ্ট-প্ৰদৰ্শনৰ এডব্লিউডি ইলেক্ট্ৰিক পাৱাৰট্ৰেইনৰ সুবিধা আছে। থাৰ.ইৰ নিৰ্মাণত ৫০% পুনঃব্যৱহৃত পিইটি আৰু পুনৰ ব্যৱহাৰযোগ্য আৱৰণহীন প্লাষ্টিকৰ সৈতে পৰিৱেশ পৰিচালনাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে প্ৰতিষ্ঠানটোৱে । থাৰ.ইৰ অভিনৱ অভিযান্ত্ৰিক সুবিধাবোৰৰ ভিতৰত অভিযোজনযোগ্য, মড্যুলাৰ আৰু সলনি কৰিব পৰা বৈশিষ্ট্য প্ৰদান কৰা হৈছে, যিয়ে ইলেক্ট্ৰিক এছইউভি নিৰ্মাণৰ বাবে এক অভিনৱ পদ্ধতি প্ৰতিফলিত কৰে।

থাৰ.ই বাহনখনৰ মূল বিশেষত্বসমূহৰ ভিতৰত আছে ডিজাইনৰ এক নতুন পথ, এক অনন্য বাহ্যিক ডিজাইন আৰু ন্যুনতম(মিনিমালিষ্ট) ইণ্টেৰিঅ’ৰ ডিজাইন আৰু বহনক্ষমভাৱে সৃষ্টি বা সাজি উলিওৱা হৈছে। বাহিৰৰ অংশত আছে ক্ৰিস্প, জ্যামিতিক পৃষ্ঠ, প্ৰায় উলম্ব খিৰিকী(নিয়েৰ ভাৰ্টিকেল উইণ্ডো) আৰু এক চেন্ট্ৰেল পিভটিং স্ক্ৰীন। ভিতৰভাগ কাৰ্যক্ষমতা আৰু নূন্যতমতাক সংমিশ্ৰিত কৰি তোলা হৈছে। অফ-ৰোড ড্ৰাইভিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। থাৰ.ই এনে এটা দৰ্শনৰ সৈতে সংগতি ৰাখে য’ত সৰলতাই বহনক্ষমতাৰ সেৱা বা স্থিৰতা প্ৰদান কৰে।

এই বিষয়ে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ অটোমোটিভ চেক্টৰৰ প্ৰেচিডেণ্ট বিজয় নাক্ৰাই কয় যে, “ভিজন থাৰ.ই হৈছে উদ্ভাৱনৰ এক প্ৰমাণ আৰু এক অগ্ৰণী ডিজাইন দৰ্শন, যি স্বকীয়ভাৱে গ্লবেল আৰু অনন্যভাৱে মহিন্দ্ৰাক সূচায়।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *