অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ পৰা বাহিৰ লক্ষ্য সেন

ভাৰতীয় যুৱ বেডমিণ্টন তাৰকা লক্ষ্য সেন পুৰুষৰ একক ফাইনেল-১৬ত পৰাজিত হোৱাৰ পিছত অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। যোৱা বছৰৰ ৰানাৰ্ছ-আপ হোৱা সেনে ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ ব্যৰ্থ হয় আৰু ৫২ মিনিটত পোনপটীয়া খেলত আন্দ্ৰেছ এণ্টনচেনৰ হাতত ১৩-২১, ১৫-২১ ত পৰাজিত হয়। অন্তিম-১৬ ত পৰাজয়ৰ ফলত সেনে তেওঁৰ ৰেংকিং পইণ্ট হেৰুৱাই। জাৰ্মান অ’পেনত প্ৰথম ৰাউণ্ডতে বিশ্বৰ ছয় নম্বৰৰ প্ৰাক্তন সেন নক আউট হৈছিল। একে সময়তে, আঘাতৰ পৰা উভতি অহা পুৰুষৰ দ্বৈত যুটি সতৱিক্সাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে চীনৰ বিশ্বৰ ১০ নম্বৰ যুটি লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ হাতত ২১-১০, ১৭-২১, ১৯-২১ ব্যৱধানত পৰাজিত হয়। ইয়াৰ সৈতে, ভাৰতীয় যুটিটো চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ব লগা হয়।
আঘাতৰ পৰা উভতি অহা সাতৱিক্সাইৰাজ ৰাঙ্কিৰেড্ডীয়ে তেওঁৰ সহযোগী চিৰাগ চেট্টীৰ সৈতে লগ লাগিছিল, কিন্তু তেওঁৰ সংগ্ৰাম চীনৰ বিশ্বৰ ১০ নম্বৰ লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ হাতত ২১-১০, ১৭-২১, ১৯-২১ ব্যৱধানত পৰাজিত হোৱাৰ সৈতে সমাপ্ত হয়। ভাৰতীয় খেলুৱৈ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখি একেৰাহে দ্বিতীয়বাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ২০২২ত, তৃষা আৰু গায়ত্ৰীৰ যুটিয়ে ছেমি ফাইনেলত উপনীত হৈছিল। ভাৰতীয় যুটিটোৱে মহিলাৰ ডাবলছত পোনপটীয়া খেলত জাপানৰ য়ুকি ফুকুশিমা আৰু চাইকা হিৰোটাৰ বিশ্বৰ এক নম্বৰ যুটিক পৰাস্ত কৰিছিল। ১৯ বছৰীয়া তৃষা আৰু ২০ বছৰীয়া গায়ত্ৰীয়ে ৫০ মিনিটত প্ৰাক্তন চেম্পিয়ন যুটিৰ বিৰুদ্ধে ২১-১৪, ২৪-১১ ত মেচখন জিকিছিল। এইটো ভাৰতীয় যুটিৰ বাবে তেওঁলোকৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ বিজয়। ফুকুশিমা আৰু হিৰোটাও বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী আছিল। এমাহতকৈও কম সময়ৰ ভিতৰত শীৰ্ষ-১০ যুটীৰ বিৰুদ্ধে তৃষা আৰু গিয়াত্ৰীৰ এইটো তৃতীয় জয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *