অভিযুক্তক আটক কৰি ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ…

অভিযুক্তক বিচাৰি চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা উপ-পৰিদৰ্শকে।

শনিবাৰে মহাৰাষ্ট্ৰৰ সমৃদ্ধি মহামাৰ্গৰ ৱাৰ্ধা ষ্ট্ৰেছত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত নিহত মহিলা আৰক্ষী বিষয়াগৰাকীক হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শক নেহা চৌহান (৪০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, হাৰিয়ানাৰ পঞ্চকুলা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নেহা চৌহানে আৰক্ষীৰ এটা দলৰ সৈতে চাইবাৰ অপৰাধৰ গোচৰত এজন অভিযুক্তক বিচাৰি মহাৰাষ্ট্ৰৰ পাৰভানীলৈ আহিছিল।

বিয়লিৰ ভাগত অভিযুক্তক আটক কৰি আৰক্ষীৰ দলটোৱে পুনৰ হাৰিয়ানালৈ উভতি যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ আৰক্ষীৰ বলেৰ’ এছইউভি বাহনখন।

এই দুৰ্ঘটনাত বলেৰ’ৰ সন্মুখৰ আসনত বহি অহা মহিলা উপ-পৰিদৰ্শকগৰাকীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় সহকাৰী উপ-পৰিদৰ্শক সবিন্দৰ সিং (৪০), কনিষ্টবল বিট্টু জগদা (২৮), ধৃত অভিযুক্ত বৈজনাথ শিণ্ডে (২৭) আৰু বাহন চালক হোম গাৰ্ড ছানী কুমাৰ (২৮)।

চালক ছানী কুমাৰে জানিবলৈ দিয়া মতে, তেওঁ দ্বিতীয় লেনত আছিল আৰু তৃতীয় লেনত থকা এখন ট্ৰাকে হঠাতে লেন সলনি কৰি তেওঁৰ সন্মুখত উপস্থিত হয়।

যাৰ ফলত ট্ৰাকখনৰ পিছফালৰ অংশই বলেৰ’খনত জোৰকৈ খুন্দা মাৰে আৰু এছআই নেহা চৌহানৰ বাহনৰ ভিতৰতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *