অবৈধ বালিৰ সৰবৰাহত বাধা দিবলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু আৰক্ষীৰ…

কৰ্ণাটকত অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ গৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল এজন আৰক্ষী কনিষ্টবল। বালি মাফিয়াৰ ট্ৰাকত বাধা দিবলৈ যাওতেই তীব্ৰবেগী ট্ৰাকৰ খু্ন্দাত মৃত্যুক সাৱটি লয় কনিষ্টবলগৰাকীয়ে। ঘটনাটোৱে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰে।

কৰ্ণাটকৰ কলাবুৰ্গী জিলাৰ নাৰায়ণপুৰা গাঁৱত বৃহস্পতিবাৰে প্ৰাণ হেৰুৱায় মৌৰ্য নামৰ এজন আৰক্ষী কনিষ্টবলে। জানিব পৰা মতে, নেলোগী থানাৰ কনিষ্টবল মৌৰ্যই একনাৰ চেক প’ষ্টত বালিভৰ্তি ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু অবৈধভাৱে বালি সৰবৰাহ কৰা ট্ৰাকখনৰ চালক সিদ্দানাই মৌৰ্যক মহতিয়াই সেই স্থানৰ পৰা পলায়ন কৰে।

অভিযুক্ত সিদ্দানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে লগতে সোধা-পোছাৰ সময়ত সিদ্দানাই নিজৰ অপৰাধ স্বীকাৰ কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ আৰক্ষীক জনোৱা মতে, কনিষ্টবলজনে অবৈধ বালিৰ সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ মৌৰ্যৰ ওপৰেৰে ট্ৰাকখন চলাইছিল। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰক্ষীক নিৰ্দেশ দি তেওঁ কয় যে অবৈধ বালিৰ সৰবৰাহ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *