অপৰাধৰ সৈতে আপোচ নকৰোঃ লখিমপুৰত উপস্থিত হৈ ক’লে আনন্দ মিশ্ৰই…

বদলি হৈ লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্বগ্ৰহণ কৰা আইপিএছ আনন্দ মিশ্ৰই কয় যে এতিয়া কাৰ্যকৰী হোৱাৰ সময় আৰু অসামাজিক কাম-কাজৰ লেনদেন কৰাসকলক ৰেহাই দিয়া নহ’ব।

দেওবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আনন্দ মিশ্ৰই কয়, লখিমপুৰবাসীৰ সেৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ। ইয়াত বহুত কাম কৰিবলগীয়া আছে। আইন অনুসৰি আৰু ইতিবাচকতাৰে কাম কৰিম। লগতে ইয়াত সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ। কোনো ধৰণৰ ৰাজনৈতিক হেঁচা আছে বুলি মই নাভাবো৷ কোনো ধৰণৰ অসামাজিক আৰু অবৈধ কাৰ্যকলাপে সমাজ ধ্বংস কৰিবলৈ নিদিওঁ। এতিয়া কিছু কাৰ্য্যৰ সময় আহি পৰিছে।”

উল্লেখযোগ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তক বদলি কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে পদবী কৰা হৈছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি মৰিকলঙৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ সৈতে জড়িত হাই-প্ৰফাইল মৃত্যুৰ গোচৰৰ তদন্ত চলি থকাৰ মাজতে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধব ৰাজখোৱা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *