অন্ধ্ৰ প্ৰদেশ-তেলেংগানা সীমান্তত কনভয় অৱৰোধ আৰক্ষীৰ! প্ৰতিবাদ জনাই পথৰ ওপৰতে শুই পৰিল JSPৰ মুৰব্বী পৱন কল্যাণ

শনিবাৰে নিশা এন টি আৰ জিলাৰ সমীপৰ অন্ধ্ৰ প্ৰদেশ-তেলেংগানা সীমান্তত জনসেনা পাৰ্টিৰ অধ্যক্ষ পৱন কল্যাণৰ কনভয়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে সৃষ্টি হয় এই হাই ভল্টেড ড্ৰামা পৰিস্থিতিৰ। জে এছ পিৰ মুৰব্বীগৰাকী, বিজয়াৱাড়ালৈ গৈ থকা অৱস্থাত তেওঁৰ কনভয় গৰিকাপাডুৰ এটা চেকপোষ্টত আৰক্ষীয়ে ৰখাই দিয়ে। ইয়াৰ পিছতে তেওঁ নিজৰ বাহনৰ পৰা ওলাই আহি প্ৰতিবাদৰ চিন স্বৰূপে ৰাস্তাৰ ওপৰতে শুই পৰে।

বৃহৎ সংখ্যক জে এছ পি কৰ্মীয়ে সেই স্থানত উপস্থিত হৈ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে। খবৰ অনুসৰি আৰক্ষী আৰু জে এছ পি কৰ্মীৰ মাজত সামান্য কাজিয়া সংঘটিত হয়। জে এছ পি নেতা নাডেণ্ডলা মনোহৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত পৱন কল্যানে অন্ধ্ৰপ্ৰদেশত প্ৰৱেশৰ বাবে কোনো ধৰণৰ ভিছা বা পাছপ’ৰ্টৰ প্ৰয়োজন আছে নেকি বুলি প্ৰশ্ন কৰা দেখা গৈছে। ইয়াৰ পূৰ্বে সন্ধিয়া পৱন কল্যাণে বিমানপথেৰে অন্ধ্ৰলৈ যাবলৈ চেষ্টা কৰিছিল যদিও কৃষ্ণ জিলা আৰক্ষীয়ে বিমানবন্দৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে তেওঁৰ বিশেষ বিমানখন গন্নৱৰাম বিমানবন্দৰলৈ অনুমতি নিদিব।

ইয়াৰ পূৰ্বে পৱন কল্যানে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক সমালোচনা কৰি কয় যে দুৰ্নীতিৰ অভিযোগৰ গোচৰৰ সৈতে জড়িত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাটো গৰিহণাৰযোগ্য আৰু এনে ঘটনা “গণতন্ত্ৰত দুৰ্ভাগ্যজনক”।

শনিবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতা তথা ৰাজনীতিবিদগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক আক্ৰমণ কৰি কয়, “আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া দুখজনক। আমি কঠোৰতম শব্দৰে গৰিহণা দিছো যিদৰে… ৰাজ্যিক কৰ্তৃপক্ষ আৰু শাসকীয় দলে এজন নেতাৰ (চিএম জগন) নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে।”

ইফালে, দেওবাৰে পুৱা নাইডুক চিকিৎসা পৰীক্ষাৰ বাবে অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াৰ চৰকাৰী চিকিৎসালয়লৈ অনা হয়। সূত্ৰ অনুসৰি কেন্দ্ৰীয় তদন্ত বিভাগৰ (চিআইডি) বিষয়াৰ এটা দলে নাইডুক চিকিৎসালয়লৈ নিয়ে আৰু আশা কৰা হৈছে দিনটোৰ পিছত দণ্ডাধীশৰ আগত হাজিৰ কৰা হ’ব।

শনিবাৰে চন্দ্ৰবাবু নাইডুক অন্ধ্ৰ প্ৰদেশৰ অপৰাধ তদন্ত বিভাগে স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনৰ কথিত কেলেংকাৰীৰ সৈতে জড়িত কৰি গ্ৰেপ্তাৰ কৰে। বিষয়াসকলৰ মতে, এই গোচৰটো অন্ধ্ৰ প্ৰদেশ ৰাজ্যত চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ৰ ক্লাষ্টাৰ স্থাপনৰ সৈতে জড়িত, যাৰ মুঠ আনুমানিক প্ৰকল্পৰ মূল্য ৩৩০০ কোটি টকা।

এজেন্সীৰ বিষয়াসকলেও দাবী কৰে যে এই অভিযোগ উত্থাপন কৰা জালিয়াতিৰ ফলত ৰাজ্য চৰকাৰৰ ৩০০ কোটিৰো অধিক লোকচান হৈছে৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *