অন্ত পৰিল EDৰ সঞ্চালক এছ কে মিশ্ৰৰ কাৰ্যকাল, IRS ৰাহুল নবীনক অন্তৱৰ্তীকালীন সঞ্চালক নিযুক্তি

শুকুৰবাৰে অন্ত পৰে তদন্তকাৰী সংস্থা ইডিৰ মুৰব্বী সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল। ইয়াৰ পিছতে আই আৰ এছৰ কেডাৰ ৰাহুল নবীনক অস্থায়ীভাৱে ইডিৰ মুৰব্বী পদত নিযুক্তি প্ৰদান কৰা হয়। স্থায়ী সঞ্চালক নিযুক্তি নোপোৱালৈকে তেওঁ এই দায়িত্বত থাকিব। ৰাহুল ১৯৯৩ চনৰ বেচৰ আই আৰ এছ বিষয়া। বৰ্তমান তেওঁ ইডিৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে তেওঁ ইডিৰ মুখ্য কাৰ্যালয়ত মুখ্য ভিজিলেন্সৰ দায়িত্বও চম্ভালিছিল।

প্ৰসংগক্ৰমে ২০১৮ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে ইডিৰ দায়িত্ব লয় মিশ্ৰই। প্ৰথম অৱস্থাত তেওঁক সেই দায়িত্ব দুবছৰৰ বাবে দিয়া হৈছিল। সেই কাৰ্যকাল ২০২০ চনৰ নৱেম্বৰ মাহত শেষ হয়। সেই বছৰৰ মে’ মাহত তেওঁ ৬০ বছৰ পাৰ কৰিলে। অৰ্থাৎ তেওঁ অৱসৰৰ বয়সত আছিল। কিন্তু ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰই তেওঁৰ কাৰ্যকাল দুবছৰৰ পৰা তিনিবছৰলৈ কৰিলে। সেই সময়ত ‘কমন ক’জ’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই কেন্দ্ৰৰ এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ নিৰ্দেশ বাতিল কৰা নাছিল। কিন্তু মিশ্ৰৰ কাৰ্যকালৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰিব বুলি অৱগত কৰা হৈছে। কিন্তু সেই ৰায়দানৰ পিছতো ২০২২ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰই পুনৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰে। উচ্চতম ন্যায়ালয়ে সেই আদেশত স্থগিতাদেশ জাৰি কৰি ইয়াক ‘অবৈধ’ বুলি অভিহিত কৰে। ন্যায়াধীশ বি আৰ গাভাই, বিক্ৰম নাথ আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে কয় যে সঞ্জয়ে ৩১ জুলাইৰ পিছত এই পদত অধিষ্ঠিত হ’ব নোৱাৰিব। কিন্তু কেন্দ্ৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই সময়সীমা ডেৰ মাহ বৃদ্ধি কৰা হয়। সেই সময়সীমা শুকুৰবাৰে অন্ত পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *