অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়া লোকক আক্ৰমণৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৬ সদস্যক।

জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সদস্য কেইজনক।

অভিযোগ অনুসৰি, এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰিছিল লাচিত সেনাৰ সদস্য কেইজনে।

ধৃত সদস্য কেইজন হ’ল কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱা, তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *