অনলাইন গেমিং, ঘোঁৰা দৌৰ আৰু কেচিনোত ২৮ শতাংশ কৰ আৰোপ কৰা হ’ব। মঙলবাৰে দিল্লীত অনুষ্ঠিত হোৱা সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫০ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূৰ্বে এই ক্ষেত্ৰত ১৮ শতাংশ কৰ দিব লাগিছিল। লগতে আজিৰ বৈঠকত বিশেষ ঔষধৰ কৰ ৰেহাইৰ অনুমোদন দিয়া হৈছে।
কেন্সাৰ ঔষধৰ ওপৰত আই জি এছ টি আঁতৰোৱাৰ বাবেও অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰিও চিনেমা হলত খাদ্য-পানীয়ৰ মূল্য হ্ৰাস কৰাৰ বাবেও পৰিষদে উদ্যোগ গ্ৰহণ কৰিছে। বৈঠকত চিনেমা হলৰ খাদ্য আৰু পানীয়ৰ বিলৰ জি এছ টি হ্ৰাস কৰাৰ পৰামৰ্শও অনুমোদন জনোৱা হয়।
এই বৈঠকত বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যও উপস্থিত থাকে। তেওঁ কয়, ‘বাংলাই প্ৰথমে অনলাইন গেমিংৰ ওপৰত সৰ্বোচ্চ ২৮ শতাংশ কৰ দাবী কৰিছিল। কাৰণ, এই অনলাইন গেমিংৰ প্ৰভাৱ সামাজিক ক্ষেত্ৰখনত বিশেষকৈ শিশুসকলৰ ওপৰত পৰে। আমি সুখী যে ইয়াক গ্ৰহণ কৰা হৈছে।”
চন্দ্ৰিমাই দাবী কৰে যে, ‘গোৱাই বৈঠকত যথেষ্ট চেষ্টা কৰিছিল যাতে বিষয়টো আগবাঢ়ি নাযায়। ছিকিমেও অলপ চেষ্টা কৰে। কিন্তু উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি বাকী ৰাজ্যসমূহ বিৰোধীৰ পৰা বাচি নাথাকিল।” বিজ্ঞান ভৱনত মঙলবাৰৰ বৈঠক আৰম্ভ হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰে।
শেহতীয়াকৈ জি এছ টি নেটৱৰ্ক (জি এছ টি এন)ৰ অধিসূচনা জাৰি কৰি জি এছ টি এনক প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট, পি এম এল এৰ অধীনত অনা হৈছে। দিল্লীৰ বিত্তমন্ত্ৰী আতিশী মাৰ্লেনাই এই বিষয়ত ভাষণ দিয়ে। আতিশিয়ে কয় যে যদি জি এছ টি এনক পি এম এল এৰ পৰিসৰৰ অধীনলৈ অনা হয় তেন্তে ই ডি এজেন্সীয়ে তাৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি ব্যৱসায়ীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব। বংগকে ধৰি বহু ৰাজ্যই তেওঁক সমৰ্থন কৰে।