অটোমোটিভ চানৰুফ সমাধানৰ বাবে এইচচিএমএফৰ সৈতে সহযোগিতা কৰিছে মিণ্ডা কৰ্পৰেচনে

অ’ইএম আৰু টায়াৰ ১ গ্ৰাহকসকলৰ বাবে এক আগশাৰীৰ অটোমোটিভ কম্পোনেণ্ট(উপাদান) যোগানকৰ্তা প্ৰতিষ্ঠান স্পাৰ্ক মিণ্ডাৰ ধ্বাজাবাহী প্ৰতিষ্ঠান মিণ্ডা কৰ্পৰেচন লিমিটেডে টাইৱানৰ পৰা এইচএছআইএন চং মেচিনেৰী ৱৰ্কছ কোম্পানী লিমিটেড(এইচচিএমএফ)ৰ সৈতে এক যুটীয়া উদ্যোগ (জে.ভি) গঠন কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে, যি হৈছে অটোমোটিভ চানৰুফ আৰু ক্ল’জাৰ চিষ্টেমৰ এক আগশাৰীৰ বিশ্বব্যাপী নিৰ্মাতা প্ৰতিষ্ঠান। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভাৰতত স্থানীয়কৰণৰ দ্বাৰা যাত্ৰীবাহী গাড়ীৰ বাবে ছানৰুফ আৰু ক্ল’জাৰ টেকন’লজি প্ৰডাক্টৰ অত্যাধুনিক নিৰ্মাণৰ দ্বাৰা সমৰ্থিত অত্যাধুনিক প্ৰযুক্তি প্ৰদান কৰা।

এই যৌথ উদ্যোগটোৱে যাত্ৰীবাহী বাহনৰ ছানৰুফৰ ডিজাইন, বিকাশ আৰু উৎপাদনৰ বাবে এক বিস্তৃত সমাধান প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। লগতে প্ৰিমিয়ামাইজেচন পছন্দৰ বাবে ২০৩০ চনৰ ভিতৰত এই বজাৰ ৫০০-৬০০ মিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ আশা কৰা হৈছে। জেভিৰ বিষয়ে নিজৰ মনোভাৱ সদৰি কৰি এইচচিএমএফৰ চিইঅ’ আৰু প্ৰচিডেণ্ট ছি চি মিঙে কয় যে, “এইচচিএমএফ নিশ্চিত যে এই অংশীদাৰীত্বই দুয়োটা সংগঠনৰ পৰিপূৰক শক্তিক কাৰ্যকৰীভাৱে প্ৰয়োগ কৰিব আৰু দেশৰ দ্ৰুত গতিত বিস্তাৰিত চানৰুফ আৰু ক্লোজাৰ চিষ্টেম বজাৰত এক শক্তিশালী উপস্থিতি স্থাপন কৰিব।”

১৯৬১ চনত প্ৰতিষ্ঠা হোৱা এইচচিএমএফে বিশ্বজুৰি অভিনৱ উদ্ভাৱনীমূলক সামগ্ৰী আগবঢ়ায়, য’ত আছে ৰুফ চিষ্টেম, কম্ফৰ্ট ক্ল’জাৰ চিষ্টেম, ডোৰ এণ্ড ক্লোজাৰ মেকানিকেল চিষ্টেম, ছীট চিষ্টেম আৰু মেকানিকেল এণ্ড মেকাট্ৰনিক চিষ্টেম।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *