“বিগত সময়চোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা জাতীয়তাবাদী আঞ্চলিক দল হিচাপে পৰিগণিত অগপ দললৈ পুনৰ সু-দিন ঘূৰি আহিছে । অসমৰ জনগণ পুনৰ আস্থাভাজন হৈ পৰিছে আঞ্চলিক দলৰ প্ৰতি । কিয়নো আঞ্চলিক দল অবিহনে অসমৰ সামগ্ৰিক উন্নয়ন কেতিয়াও সম্ভৱ নহয় ।”–আজি এইবুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । উল্লেখনীয় যে আজি বিয়লি বিশিষ্ট সমাজকৰ্মী ভূমিধৰ দাসৰ সভাপত্বিত মহানগৰীৰ বৰাগাওঁ অঞ্চলত অনুষ্ঠিত হয় অগপ দলৰ এখন গুৰুত্ত্বপূৰ্ণ দলীয় সভা । সভাত বৃহত্তৰ বৰাগাওঁ অঞ্চলৰ প্ৰায় তিনি শতাধিক বিভিন্ন সম্প্ৰদায়ৰ লোকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ উপস্থিতত তথা আৰু বিধায়ক কলিতাৰ উন্নয়নমূলক কাম-কাৰ্যত সন্তুষ্ট হৈ অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । বিধায়ক কলিতাই অগপ দলত আজি নতুনকৈ যোগদান কৰে ব্যক্তি সকলক দলীয় পতাকা , গামোছা আৰু দলীয় টুপীৰে আনুষ্ঠানিক ভাৱে আদৰণি জনায় । লগতে অসম গণ পৰিষদ দলটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলত যোগদান কৰা ব্যক্তি সকলক একত্ৰিত হৈ নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । আজি অনুষ্ঠিত যোগদান সভাত অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , সমষ্টি কমিটিৰ সম্পাদক ৰবিন দৈমাৰী, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকূৰীয়া, ১০নং ৱাৰ্ডৰ পাৰিষদ কল্পনা দাস , ১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য , অগপ নেতা ক্ৰমে ব্ৰজেন দাস , বিপুল কুমাৰ দাস , প্ৰদীপ দাস , পংকজ জ্যোতি দাস , বলেন দাস আৰু যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী উপস্থিত থাকে ।
অগপত যোগদান তিনি শতাধিকৰ :: বৰাগাঁৱত গুৰুত্বপূৰ্ণ দলীয় সভা
