ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইনে এ.এছ.এছ.ও.চি.এইছ.এ. এম.ৰ এডুটেক ১০০ প্ৰতিষ্ঠানৰ তালিকাৰ শীৰ্ষভাগত স্থান লাভ কৰিবলৈ সক্ষম হৈছে

এ.এছ.এছ.ও.চি.এইছ.এ. এম. নেশ্বনেল এডুকেশ্বন কাউন্সিলৰ এডুটেক ১০০ চামিট অন ‘ডিজিটেল ডিষ্টিংশ্বন: টেকন’ল’জী কনফৰমেন্স টু এন. ই. পি.’ত ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইন, সোনিপত, হাৰিয়ানাই ১৪ ডিচেম্বৰ ২০২২ বুধবাৰে দিল্লীত অনুষ্ঠিত এ.এছ.এছ.ও.চি.এইছ.এ. এম. এডুটেক ১০০ চামিট ২০২২ ৰ এক আনুষ্ঠানিক প্ৰদৰ্শনীত ভাৰতৰ শীৰ্ষ ১০০ উচ্চশিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত স্বীকৃতি লাভ কৰে।

শৈক্ষিক, প্ৰায়োগিক আৰু নীতি ক্ষেত্ৰৰ অগ্ৰণী নেতাসকলে প্ৰস্তুত তথা অনুমোদন কৰা এক বিস্তৃত প্ৰায়োগিক ৰূপৰেখাৰ আধাৰত শীৰ্ষ ১০০খন প্ৰতিষ্ঠান বাছনি কৰা হয়। ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইন কেৱল শীৰ্ষ ১০০ত স্থান লাভ কৰাই নহয়, শীৰ্ষ ২০ প্ৰতিষ্ঠানৰ ভিতৰতো স্থান লাভ কৰা বাবে উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ লাভ কৰে।

এই বৈঠকখনত গোটেই ভাৰতৰ নামজ্বলা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰপৰা শিক্ষাবিদ, অধ্যক্ষ, উপাধ্যক্ষ, ডীন, সঞ্চালক, প্রমোটৰসকল, এডটেক ষ্টাৰ্ট-আপ, সহযোগী আৰু শিক্ষাৰ্থী উপস্থিত থাকে।

ৱৰ্ল্ড ইউনিভাৰ্ছিটি অৱ ডিজাইনৰ উপাধ্যক্ষ ডঃ সঞ্জয় গুপ্তাই উৎফুল্লিত হৈ কয়,

“এ.এছ.এছ.ও.চি.এইছ.এ. এম.ৰদ্বাৰা দেশৰ শীৰ্ষ ১০০ প্ৰতিষ্ঠান নহয় বৰং শীৰ্ষ ২০ ত স্বীকৃত পোৱাটো এখন ৪ বছৰীয়া বিশ্ববিদ্যালয়ৰবাবে অতি সন্মানপূৰ্বক। ই প্ৰমাণ কৰে যে আমি সঠিক দিশত গতি কৰিছোঁ আৰু আমাৰ কষ্টই ফল পাইছে। মই আমাৰ পৰিচালনা, শৈক্ষিক আৰু শিক্ষাৰ্থী আদি সকলো দলকে অভিনন্দন জনাইছোঁ যিসকলে এই সফলতা সম্ভৱ কৰিলে।”  

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *