বুধবাৰে নিশা দিল্লী-কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হয়। এই দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় আৰু ৩২ জন লোক আহত হয়। বুধবাৰে নিশা প্ৰায় ৯:৫৩ বজাত বিহাৰৰ বাক্সাৰ-আৰাৰ মাজৰ ৰঘুনাথপুৰ ষ্টেচনত দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াত, ৰে’লখনৰ ২৩ টা ডবা লাইনচ্যুত হয়। পূব কেন্দ্ৰীয় ৰেলৱেৰ এজন মুখপাত্ৰই কয় যে দুৰ্ঘটনাটোত চাৰিজন যাত্ৰী নিহত আৰু ৩২ জন আহত হয়। ৰেলখনত ভ্ৰমণ কৰা সুৰক্ষিত যাত্ৰীসকলক পুৱা ৩ বজাত বিশেষ ৰেলযোগে কামাখ্যালৈ প্ৰেৰণ কৰা হয়।
বাক্সাৰ জিলা দণ্ডাধীশ অংশুল আগৰৱালে কয় যে ঘটনাস্থলীৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আহতসকলক বাক্সাৰ আৰু পাটনালৈ প্ৰেৰণ কৰা হৈছে। আহতসকলক বাক্সাৰ জিলাৰ আৰাৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বাক্সাৰ আৰু আৰাৰ মাজত ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হোৱা সন্দৰ্ভত কয় যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে। গোটেই নিশা উদ্ধাৰ অভিযান চলোৱা হৈছে আৰু চাৰিজন লোকৰ মৃত্যু হৈছে। মৃতকৰ নিকটাত্মীয়ক ৪ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।