ৰেইনব’ চিল্ড্ৰেনছ হাস্পতাল ইচিএমঅ’ বিমান পৰিবহনৰ জৰিয়তে জীৱন ৰক্ষা কৰিলে ১৮ মহীয়া কেঁচুৱাৰ

ৰেইনব’ চিল্ড্ৰেনছ হাস্পতালে নিউমোনিয়া আৰু এআৰডিএছৰ গুৰুতৰ সমস্যাত ভূগি থকা আৰু সৰ্বোচ্চ মাত্ৰা ভেণ্টিলেটৰী সমৰ্থনত থকা গোৱাৰ এটা ১৮ মহীয়া শিশুৰ প্ৰাণৰক্ষা কৰি সৰ্বোচ্চ পৰিমাণৰ চিকিৎসা দক্ষতা আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। হায়দৰাবাদৰ ৰেইনব’ চিল্ড্ৰেনছ হাস্পতালে এই কণমানিটিৰ জীৱন ৰক্ষা কৰি এক বীৰত্বপূৰ্ণ প্ৰচেষ্টাৰে উৎকৃষ্ট টীমৱৰ্ক, সমন্বয় আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।

শিশুটিৰ ইনফ্লুৱেঞ্জা নিউমোনিয়াৰ বাবে এআৰডিএছ (একিউট ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম) কম পৰিমাণে আছিল। ইতিমধ্যে এসপ্তাহ ধৰি শ্বাস-প্ৰশ্বাসৰ সহায়(ৰেস্পিৰেটৰী ছাপৰ্ট)ত আছিল। হাই ফ্ৰিকুৱেন্সি ভেণ্টিলেচন, ১০০% অক্সিজেন আৰু এইচ এফ অ’ভিত সৰ্বোচ্চ ছাপৰ্টত আছিল শিশুটিৰ। যিহেতু এই সকলো সমৰ্থন স্বত্বেও শৰীৰত অক্সিজেন বজাই ৰাখিব পৰা নাছিল, সেয়েহে এতিয়া জীৱন ৰক্ষা কৰাৰ একমাত্ৰ উপায় আছিল ইচিএমঅ’ আৰম্ভ কৰা আৰু এনে ৰোগীক নিয়ন্ত্ৰণ-পৰিচালনা কৰিব পৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা।

ইচিএমঅ’ হৈছে এক্সট্ৰাকৰ্প’ৰিয়েল মেমব্ৰেন অক্সিজেনেচন। যি প্ৰক্ৰিয়াত এজন লোকৰ তেজ শৰীৰৰ বাহিৰলৈ আৰু হৃদযন্ত্ৰ-হাওঁফাওঁ যন্ত্ৰলৈ পাম্প কৰা হয়, যিয়ে কাৰ্বন ডাই অক্সাইড আঁতৰাই অক্সিজেন ভৰ্তি তেজ শৰীৰৰ কলা(টিছ্য়ু)লৈ ঘূৰাই পঠিয়াই দিয়ে। ইয়াৰ ফলত হাওঁফাওঁক জিৰণি লোৱা, সুস্থ হোৱা আৰু অক্সিজেন ধৰি ৰখাত সহায় কৰে। এই সাফল্যৰ বিষয়ে ৰেইনব’ চিল্ড্ৰেনছ হাস্পতালৰ চিএমডি ডাঃ ৰমেশ কাঞ্চাৰলাই কয় যে, “ৰেইনব’ হাস্পতালত দেশৰ ভিতৰতে নৱজাতক আৰু শিশু পৰিবহণ সেৱাৰ সৰ্ববৃহৎ নেটৱৰ্ক আছে। আমি দুটা দশকৰো অধিক সময় ধৰি পথ আৰু বিমান পৰিবহণ দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছোঁ। মই এই পৰিয়ালটোক লৈ অত্যন্ত সুখী আৰু ব্যতিক্ৰমী টীমৱৰ্ক প্ৰদৰ্শন কৰাৰ বাবে চিকিৎসা দলক অভিনন্দন জনাইছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *