ৰাম নৱমীৰ আনন্দৰ মাজতে মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা, ১৩ ভক্তৰ মৃত্যু

মধ্য প্ৰদেশৰ ইন্দোৰত ভয়ংকৰ ঘটনা।

মন্দিৰত কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়া খহি মৃত্যু ১৩ গৰাকী ভক্তৰ।

ৰাম নৱমীৰ আৰাধনাৰ মাজতে এই শোকাবহ ঘটনা সংঘটিত হয় ইন্দোৰৰ স্নেহ নগৰ অঞ্চলস্থিত শ্ৰী বালেশ্বৰ মন্দিৰত।

জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষ্যে অগনন ভক্তৰ সমাগম ঘটিছিল মন্দিৰটোলৈ।

সকলো ভগৱানক আৰাধনাত ব্যস্ত থকাৰ সময়তে মন্দিৰ চৌহদত এটা কুঁৱাৰ ওপৰত নিৰ্মাণ কৰা মজিয়াখন খহি পৰে।

এই দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও ভক্ত।

ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা মতে, এই মুহূৰ্তলৈকে ১০ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *