বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ। লগতে গুৱাহাটী মহানগৰীতো ভিন্ন স্থানত আয়োজন হৈছে সৰস্বতীপূজাৰ।
কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ উল্লাহ কিছু হ্ৰাস পাইছে যদিও স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ।
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।