ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু জী-জোঁৱাইৰ

বহিঃৰাজ্যত অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীসহ পৰিয়ালৰ ৩ সদস্যৰ অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে বোকাখাতত।

ৰাজস্থানৰ আলৱাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে নুমলীগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ জী আৰু জোঁৱাইৰ।

নিহত সকলক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা গগৈ চৌধুৰী (৭৫), কন্যা মনমী বৰা গগৈ (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫) বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মনমী আৰু অৰ্ণৱৰ কণমানি পুত্ৰ আভি বৰাৰ।

নিহত জ্যোতিমালা গগৈ চৌধুৰী বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল।

জানিব পৰা মতে, অৰ্ণৱ বৰাৰ ঘৰ লখিমপুৰৰ চাবতিৰ চৌখামত যদিও কৰ্মৰ খাতিৰত তেওঁ সপৰিয়ালে দিল্লীত বাস কৰিছিল।

যোৱা ২৪ ফেব্ৰুৱাৰীত জী-জোঁৱাইৰ ঘৰলৈ গৈছিল অৱসৰী শিক্ষয়িত্ৰী জ্যোতিমালা গগৈ চৌধুৰী।

ইয়াৰ পিছতে তেওঁ কন্যাৰ পৰিয়ালটোৰ সৈতে ৰাজস্থানৰ আলৱাৰলৈ ফুৰিবলৈ গৈছিল।

কিন্তু গৈ থকাৰ সময়তে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেইলাৰত খুন্দা মৰাত থিতাতে মৃত্যু ঘটে জ্যোতিমালা গগৈ, কন্যা মনমী আৰু জোঁৱাই অৰ্ণৱ বৰাৰ।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা নাতি আভিক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।

বহিঃৰাজ্যত এনেদৰে জী-জোঁৱাইৰ সৈতে অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰিছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *