অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অসমৰ ৰাজ্যপালৰ সচিব , নাট্যকাৰ আৰু অভিনেত্ৰী হিচাপেও ছাত্ৰ জীৱনৰ পৰাই বিশেষ সুনাম থকা স্বপ্না দত্ত ডেকাই অসম বুৰঞ্জীৰ এচোৱা ঘটনাবহুল সময়ৰ সমান্তৰালকৈ এগৰাকী ৰাণীৰ মৰ্মবেদনা আৰু পুৰুষতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ কাহিনীক লৈ ৰচনা কৰা “দৃষ্ট – অদৃষ্ট” নাটখন ১৫ জুনৰ সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয় । বিশেষকৈ অসম বুৰঞ্জীত থকা জোঙাল বলহু আৰু আৰিমত্তৰ বীৰত্বৰ কাহিনী , এঘাঁৰ শতিকাৰ জীতাৰি বংশৰ ৰজা প্রতাপচন্দ্ৰৰ বীৰত্বৰ কাহিনী , ৰজাৰ অহংকাৰ , আপাত দৃষ্টিৰে দেখা নোপোৱা বহু ঘটনা – দুৰ্ঘটনাক অদৃষ্টৰ লিখন বুলি মানি লোৱা এটা ধাৰণা আদিক নাটখনৰ মাজেৰে নাট্যকাৰে সুন্দৰকৈ ফুটাই তুলিবলৈ প্ৰয়াস কৰিছে । আনহাতে তৈল নগৰী দুলিয়াজানৰ সামাজিক – সাংস্কৃতিক অনুষ্ঠান “পথাৰ”ৰ উদ্যোগত , অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত অনুষ্ঠিত দুদিনীয়া “পথাৰ নাট মেলা ২০২২” উপলক্ষে ১৫ জুনত সন্ধিয়া বন্তি প্ৰজ্বলনৰে নাটখন উদ্ধোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালক দেৱজিৎ খনিকৰ আৰু অইল ইণ্ডিয়াৰ মহা প্ৰৱন্ধক মাধুৰ্য বৰুৱাই । আনহাতে প্ৰায় ডেৰঘণ্টা দৈৰ্ঘ্যৰ নাটখন পৰিচালনা কৰিছে পবিত্ৰ চেতিয়াই আৰু প্ৰয়োজনা কৰিছে পথাৰ – দুলীয়াযানে । তেনেদৰে সাজসজ্জা আৰু ৰূপসজ্জাত পলী গগৈ , সংগীত পৰিচালনাত প্ৰতীম গগৈ , সহযোগী হিচাপে চম্পক শইকীয়া , নয়নমণি শইকীয়া , আকাশকুসুম বৰগোঁহাই , কৌস্তভী সোণোৱাল , পূৰ্ণকান্ত শইকীয়া , পবিত্ৰ চেতিয়া , মৌচম গগৈ আৰু চন্দন গগৈ ; পোহৰত ৰিন্টু হাজৰিকাই সহযোগিতা আগবঢ়ায় । আনহাতে নাটখনত অভিনয় কৰা শিল্পী সকল আছিল ক্ৰমে পবিত্ৰ চেতিয়া , ৰঞ্জন বৰা , প্ৰতীম গগৈ , পূৰ্ণকান্ত শইকীয়া , মৌচম গগৈ , নয়নমণি শইকীয়া , শিৱানী গগৈ , ৰূপশিখা বৰদলৈ শৰ্মা , চন্দন গগৈ , ৰুমী বেজবৰুৱা , হিমাদ্রি শইকীয়া , কাব্য বৰা , ৰশ্মিতা বৰকটকী , দীপামণি গগৈ , অমৰজ্যোতি কেওট আৰু অয়নজ্যোতি গগৈয়ে । আনহাতে প্ৰতিকূল বতৰ স্বত্তেও কেবা শতাধিক নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত নাট্য সন্ধিয়াটোত চেতনা দাস , সিদ্ধাৰ্থ মুখাৰ্জী , ডাঃ অনুপজ্যোতি চৌধুৰী , মইনুল হক , নয়ন প্ৰসাদ , জ্যোস্না চেতিয়া ফুকন , ৰিণী ফুকন , মমী গগৈ , অনন্যা ফুকনকে ধৰি কেবাজনো ন – পুৰণি শিল্পী , সাংস্কৃতিক জগতৰ লগত জড়িত কেবাগৰাকী পুৰোধা ব্যক্তিয়ে উপস্থিত থাকি নাটখন উপভোগ কৰে । আনহাতে নাট্যকাৰ স্বপ্না দত্ত চৌধুৰীয়ে জানিবলৈ দিয়া মতে নাটখন ইয়াৰ পূৰ্বে দুলীয়াযান আৰু ডিব্ৰুগড়ত মঞ্চস্থ কৰা হৈছিল ।
ৰবীন্দ্ৰ ভৱনত “পথাৰ”ৰ নাট মেলাত নাট্যকাৰ স্বপ্না দত্ত ডেকাৰ ৰচিত বুৰঞ্জীমূলক নাট “দৃষ্ট – অদৃষ্ট” মঞ্চস্থ
