ৰঙিয়াত পুৱা সংঘটিত হয় এক ভয়ংকৰ দুর্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাত আহত হয় চালক।
সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰঙিয়া হাইৱে চ’কত। সংঘৰ্ষৰ প্ৰভাৱত দুয়োখন বাহনৰ ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। ষ্টেচনেৰী ট্ৰাকখনৰ চালকজন গুৰুতৰভাৱে আহত হোৱাত লগে লগে চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
পথ দুৰ্ঘটনাটোত জড়িত ট্ৰাক কেইখনৰ নম্বৰ MH-15-EG-7213 আৰু RJ-11-GC-2547 বুলি জানিব পৰা গৈছে।
স্থানীয় কৰ্তৃপক্ষ আৰু জৰুৰীকালীন সেৱাই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিচালনা আৰু প্ৰয়োজনীয় সহায় আগবঢ়ায়।