দক্ষিণ কামৰূপৰ অন্যতম পথিকৃৎ সাহিত্যানুষ্ঠান “বঙৰা আঞ্চলিক সাহিত্য মঞ্চ”ৰ সপ্তম বৰ্ষীয় অধিবেশনখনি অহা ৮ মে’ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে বঙৰাস্থিত “শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়” প্ৰাংগণত আয়োজন কৰা হৈছে বুলি মঞ্চৰ সম্পাদক ধৰণীধৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। উক্ত দিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰিব বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই। ১০ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দিনৰ ১১ বজাত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ অন্তত আবেলি ২:৩০ বজাত হ’বলগীয়া মুকলি সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যুগল চন্দ্র বৈশ্য আৰু কবি তথা নাট্যকাৰ ৰঞ্জিৎ চৌধুৰীয়ে ক্ৰমে মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ ল’ব। সভাতে মঞ্চৰ মুখপত্র “আৰোহণ”খনিও উন্মোচন কৰা হ’ব। অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ছাত্র-ছাত্ৰী, সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।
৮ মে’ত বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশন
