৮ জানুৱাৰীত “জাতীয় বিদ্যালয়, হোজাই”ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

হোজাই অঞ্চলৰ অন্যতম এখন মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান “জাতীয় বিদ্যালয়,হোজাই”য়ে ইতিমধ্যে প্ৰতিষ্ঠাৰ পঁচিছটা বছৰ অতিক্ৰম কৰিছে । যোৱা ১৭ জানুৱাৰী ২০২১ তাৰিখৰ পৰা বছৰজোৰাকৈ বিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ৰূপালী জয়ন্তী উদযাপন কৰি আহিছে । ৰূপালী জয়ন্তীৰ অন্যতম কাৰ্যক্ৰমণিকা হিচাপে অহা ৮ জানুৱাৰী দেওবাৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখন সমাৰোহৰ আয়োজন কৰিছে । উল্লেখ্য, বিগত পঁচিছ বছৰত এইখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ অনেক কীৰ্তিমান শিক্ষাৰ্থীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । বিদ্যালয়ত শিক্ষাৰত জীৱনৰ স্মৃতি ৰোমন্থনৰ উদ্দেশ্যে আয়োজন কৰা অন্তৰংগ অনুষ্ঠানত সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি জাতীয় বিদ্যালয় পৰিয়ালে অন্তৰেৰে কামনা কৰিছে ।অনুষ্ঠানটিলৈ সকলো প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীকো বিদ্যালয়ৰ তৰফৰ পৰা সাদৰ আমন্ত্ৰণ জনোৱা গৈছে।উল্লেখ্য যে, ৰূপালী জয়ন্তীৰ সামৰণি উপলক্ষে অহা ৭ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ বৌদ্ধিক, সাংস্কৃতিক আৰু ক্ৰীড়ামূলক বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি প্ৰেছ বিবৃতিৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *