বিপদে লগ নেৰা হৈছে আফগানিস্তানক। এটা পিছত আন এটাকৈ বিপদৰ সন্মুখীন হৈছে দেশখন। গণতন্ত্ৰৰ চৰকাৰ উফৰি পুনৰ তালিবানৰ শাসন প্ৰতিষ্ঠা দেশখনত বোমা বিস্ফোৰণৰ সঘনা সঘনাই ঘটিবলৈ ধৰিছে। যোৱা কিছু দিনৰ ভিতৰত সন্ত্ৰাসবাদী সংগঠন আইচিচে কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। য’ত বহু লোকৰ মৃত্যু ঘটিছে। এনে এক ভয়ংকৰ পৰিবেশৰ মাজৰে আগবাঢ়ি থকা দেশখনত এইবাৰ প্রকৃতিয়ে তাণ্ডৱ লীলা সৃষ্টি কৰিছে। দেশখনত অহা এটা প্ৰৱল ভূমিকম্পই এতিয়া বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পটোত কমেও ৯২০ জন লোকে মৃত্যুক আঁকোৱালিছে।
স্থানীয় সময় অনুসৰি মাজনিশা ১.৩০ বজাত (ভাৰতৰ সময় অনুসৰি নিশা ২.৩০ বজাত) অহা শক্তিশালী ভূমিকম্পটোৱে দেশখনৰ এক বৃহত্তম অঞ্চলক জোকাৰি যায়। সেই সময়ত দেশবাসী তেওঁলোকৰ গৃহত গভীৰ নিদ্ৰাত মগ্ন আছিল।
ভূমিকম্পটোৰ কম্পন ইমানেই শক্তিশালী আছিল যে বহু গৃহ নিমিষতে ধ্বংস হৈ পৰিছিল।ইয়াৰ কেন্দ্ৰস্থল দক্ষিণ-পূব চহৰ খোষ্টাৰ পৰা ৪৪ কিলোমিটাৰ দূৰত অৱস্থিত আছিল বুলি জানিব পৰা গৈছে। ৭.১ প্ৰাবল্যৰ ভূমিকম্পটোৰ কম্পন আফগানিস্তান, পাকিস্তান আৰু ভাৰতলৈকে অনুভৱ কৰা হৈছিল। তথ্য অনুসৰি, আফগানিস্তানৰ ৰাজধানী কাবুল আৰু পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল। এই শক্তিশালী ভূমিকম্পটোত কমেও ৯২০ জন লোক নিহত আৰু ৬০০ ৰো অধিক লোক আহত হৈছে।তালিবান বিষয়াৰ মতে, আফগানিস্তানত হোৱা শক্তিশালী ভূমিকম্পত কমেও ৯২০ জন লোক নিহত আৰু ৬০০ ৰো অধিক লোক আহত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোবোৰত বৃহৎ ভূমিস্খলন আৰু তাত মাটিৰ ঘৰ ধ্বংস হোৱা দেখা গৈছে। আটাইতকৈ বেছি ক্ষতি হৈছে পূৱ প্ৰদেশ পাকটিকাত, য’ত উদ্ধাৰকাৰীসকলে আহতসকলৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে। এই প্ৰদেশৰ বৃহৎ সংখ্যক ঘৰ ধ্বংসস্তূপলৈ পৰিণত হৈছে। ইয়াৰ পৰা অহা ছবিবোৰত, আহতসকলক ষ্ট্ৰেচ্ছাৰত কঢ়িয়াই নিয়া দেখা গৈছে। আহতসকলক দূৰৱৰ্তী অঞ্চলৰ পৰা হেলিকপ্টাৰেৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তালিবান নেতা হিবতুল্লা আখুন্দজাদাই কয় যে শ শ ঘৰ ধ্বংস হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আফগানিস্তানৰ পাকটিকা প্ৰদেশৰ উপৰিও ভূমিকম্পটোৱে খোস্তা, গজনী, লোগাৰ, কাবুল, জালালাবাদ আৰু লাগমানকো প্ৰভাৱিত কৰিছে। তালিবান বিষয়াসকলে সাহায্য সংস্থাসমূহক ভূমিকম্পপীড়িত দেশখনৰ পূব অংশত উপস্থিত হ’বলৈ আহ্বান জনাইছে।
এজন স্থানীয় চিকিৎসকে বিবিচিক কৈছে যে হতাহতসকলৰ বেছিভাগেই পকটিকা প্ৰদেশৰ গায়ন আৰু বৰমাল জিলাৰ আছিল। স্থানীয় ৱেবছাইট ইটিলেট ৰোজৰ মতে, গয়ান জিলাৰ এখন গোটেই গাওঁ ধ্বংস হৈছে। উল্লেখ্য যে কেইবা দশক ধৰি যুদ্ধৰ সৈতে যুঁজি থকা আফগানিস্তানে এতিয়ালৈকে ভূমিকম্প আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা ৰখাৰ বাবে কোনো নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নাই। এনে পৰিস্থিতিত, যেতিয়া দুৰ্যোগ আহে, দেশৰ বাবে ইয়াৰ মোকাবিলা কৰা অতি কঠিন হৈ পৰে। অৱশ্যে, সাহায্য সংস্থাবোৰে যোৱা কেইবছৰমানত কেইবাটাও অট্টালিকা শক্তিশালী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কৈছে যে ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.১ আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল দক্ষিণ-পশ্চিম দিশত খোষ্টাৰ পৰা ৪৪ কিলোমিটাৰ দূৰত আছিল।