২০১৮ চনৰ পৰা নিৰুদ্দেশ হৈ থকা নেপালৰ এগৰাকী মহিলাই অৱশেষত চাৰি বছৰ অসমত থকাৰ পিছত পুনৰ পৰিয়ালৰ সৈতে মিলিত হ’ল।
খবৰ অনুসৰি ২০১৮ চনত নিৰুদ্দেশ হোৱাৰ পিছত কাছাৰ জিলাৰ শিলচৰ ডিটেনচন চেণ্টাৰত সন্ধান পোৱা যায় মহিলাগৰাকীৰ। দেওবাৰে কৰ্তৃপক্ষই তেওঁক পৰিয়ালৰহাতত গতাই দিয়ে।
উল্লেখ্য যে ২০১৮ চনৰ নৱেম্বৰ মাহত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আৰক্ষীয়ে আটক কৰাৰ পিছত আদালতে জেললৈ প্ৰেৰণ কৰিছিল। আৰু তাৰ পিছত তেওঁ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিবলৈ লৈছিল।
বৈধ নথি-পত্ৰ অবিহনে সীমান্ত পাৰ হোৱাৰ বাবে পাছপ’ৰ্ট আইন, ১৯৬৭ৰ অধীনত দুবছৰ কাৰাদণ্ড ভুগিবলগীয়া হৈছিল।
পৰিয়ালক গতাই দিওঁতে আৰক্ষী অধীক্ষক নুমল মহন্তই জনোৱা মতে, চাৰি বছৰ পূৰ্বে কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰু আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ পিছতে তেওঁক ট্ৰেনজিট কেম্পত ভৰ্তি কৰা হৈছিল।
মহন্তৰ উদ্ধৃতিৰে এএনআইয়ে কয় যে, “এই সময়ছোৱাত প্ৰশাসনে নেপালৰ কনছুলেট জেনেৰেলৰ সৈতে যোগাযোগ কৰিছিল। নেপাল চৰকাৰৰ পৰা মহিলাগৰাকী নেপালৰ নাগৰিক বুলি নিশ্চিত হোৱাৰ পিছত নেপাল কনছুলেট জেনেৰেলে অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল। ইয়াৰ পিছতে… চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি মহিলাগৰাকীক তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ হাতত গতাই দিয়া হয়। আমি মহিলাগৰাকীক এম্বুলেন্সৰ ব্যৱস্থা কৰিছো কাৰণ তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেছি ভাল নহয় আৰু লগতে নিৰাপত্তাও প্ৰদান কৰিছো।”
ইফালে কলকাতাত নিয়োজিত নেপালৰ কনছুলেট জেনেৰেলৰ কাৰ্যালয়ৰ এজন বিষয়া সতীশ থাপাই কয়, “তেওঁ ইয়াত ৪ বছৰতকৈও অধিক সময় কটালে। এতিয়া তেওঁ ঘৰলৈ যাব, ইয়াৰ আগতে আমি তেওঁ হস্পিতালত ভৰ্তি কৰিম।’’