ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি স্থাপনৰ বাবে আৰম্ভ হৈছে তৃতীয় খন বৈঠক। পূৰ্বে দুখনকৈ বৈঠক ব্যৰ্থ হোৱাৰ পিছত সোমবাৰে বেলাৰুছত পুনৰ আৰম্ভ হৈছে তৃতীয়খন বৈঠক। ইতিমধ্যে ৰাছিয়াই বিভিন্ন দেশৰ হেঁচাত ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি মুঠ চাৰিখন চহৰত যুদ্ধ বিৰতি ঘোষণা কৰিছে। ইয়াৰ পিছতে আৰম্ভ হোৱা এই তৃতীয়খন বৈঠক সেয়ে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই বৃহস্পতিবাৰে তুৰস্কৰ এণ্টালিয়াত সাক্ষাৎ কৰিব। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ দ্বাৰা এই বিষয়ে অৱশ্যে কোনো নিশ্চিত তথ্য ৰাজহুৱা কৰা নাই।