ভাৰতৰ গ্ৰামাঞ্চলত এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ সম্প্ৰসাৰণৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এম এছ ডি ই) আৰু কমন চাৰ্ভিচ চেণ্টাৰ (চি এছ চি) – বিশেষ উদ্দেশ্যৰ বাহন (এছ পি ভি)ৰ মাজত এক যৌথ ঘোষণাপত্ৰৰ বিনিময়ৰ বাবে ৰাজীৱ চন্দ্ৰশেখৰৰ অধ্যক্ষতাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অংশীদাৰিত্বৰ অংশ হিচাপে চিএছচিসমূহে বছৰি ৪০ হাজাৰ শিক্ষানবিশক প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে স্থানীয় চিএছচিসমূহৰ ওচৰৰ অঞ্চলৰ যুৱক-যুৱতীসকলক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আই টি আই)ৰ শিক্ষাৰ্থী আৰু জন শিক্ষা সংস্থা (জে এছ এছ)ৰ হিতাধিকাৰীকো সুযোগ প্ৰদান কৰিব।
এই প্ৰশিক্ষণসমূহে ডিজিটেল সাক্ষৰতা উন্নত কৰিব, গ্ৰাম্য উদ্যমী সকলক এক নতুন পথৰ সন্ধান দিব আৰু উচ্চাকাংক্ষী এপ্ৰেণ্টিছসকলৰ সৰ্বাংগীন আৰ্থ-সামাজিক বিকাশৰ সূচনা কৰিব।এমএছডিইয়ে উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাবলৈ নীতি নিৰ্দেশনা বা মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ আৰু দক্ষ প্ৰতিভা নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিব। চিএছচিৰ জৰিয়তে এপ্ৰেণ্টিছশ্বিপৰ সংযোগৰ নিৰৱচ্ছিন্ন ৰূপায়ণ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে চিএছচি-এছপিভিক যুটীয়া এপ্ৰেণ্টিছশ্বিপ উপদেষ্টা (জেএএ) হিচাপে নিযুক্তি দিব।
জেএএই শেহতীয়া ডিজিটেল অগ্ৰগতি অনুসৰণ কৰিব, উন্নয়নক্ষেত্ৰ চিনাক্ত কৰিব আৰু ভাৰতীয় শিক্ষানবিশ পৰিস্থিতিতন্ত্ৰক প্ৰতিপালন কৰিবলৈ সহায় আগবঢ়াব। এই বিষয়ে দক্ষতা বিকাশ তথা উদ্যমিতা আৰু ইলেক্ট্ৰনিক্স আৰু তথ্যপ্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে, “আমি একেলগে শিক্ষা আৰু নিয়োগযোগ্যতাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আমাৰ দেশৰ ভৱিষ্যৎ গঢ় দিবলৈ সাজু দক্ষ আৰু আত্মবিশ্বাসী ব্যক্তিৰ এটা প্ৰজন্মক উৎসাহিত কৰিছোঁ।”