পাঁচখন ৰাজ্য নহয়, দেওবাৰে অৰ্থাৎ ৩ ডিচেম্বৰত ভোটগণনা হ’ব চাৰিখন ৰাজ্যৰ। দেওবাৰে মিজোৰামত ভোটগণনা অনুষ্ঠিত নহ’ব। তাৰ পৰিৱৰ্তে সোমবাৰে হ’ব উত্তৰ-পূব ৰাজ্যৰ ভোটগণনা। নিৰ্ধাৰিত সময়ৰ কেইঘণ্টামান আগতে অৰ্থাৎ শুকুৰবাৰে নিশা নিৰ্বাচন আয়োগে এই নতুন সিদ্ধান্ত ঘোষণা কৰে।
পাঁচখন ৰাজ্য, মিজোৰাম, তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ভোটগ্ৰহণৰ অধিসূচনা একেলগে জাৰি কৰা হয়। পাঁচখন ৰাজ্যতো ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ভোটগ্ৰহণ সম্পূৰ্ণ হৈছিল। পূৰ্বে ঘোষণা কৰা অনুসৰি দেওবাৰে সকলো ৰাজ্যতে একেলগে ভোটগণনা অনুষ্ঠিত হ’ব লাগিছিল। কিন্তু মিজোৰামত ভোটগণনাত এদিন পলমকৈ সোমবাৰলৈ পিছুৱাই দিয়া হয়। অৰ্থাৎ দেওবাৰে কেৱল তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ গণনা হ’ব।
কিন্তু মিজোৰামৰ ভোটগ্ৰহণ পলমকৈ আৰম্ভ হৈছে কিয়? দৰাচলতে মিজোৰামৰ ৮৮ শতাংশ লোক খ্ৰীষ্টান। আৰু ৩ ডিচেম্বৰ দেওবাৰ খ্ৰীষ্টানসকলৰ বাবে বিশেষ প্ৰাৰ্থনাৰ দিন। সেইবাবেই মিজোৰামৰ ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ভোটগ্ৰহণ কৰ্মীলৈকে সকলোৱে দাবী কৰিছিল যে দেওবাৰৰ পৰিৱৰ্তে আন এটা দিনত ভোট গণনা কৰা হওক। নিৰ্বাচন আয়োগে এই দাবী মানি লৈ ভোটগণনা এদিন পিছুৱাই দিয়ে।
৪০ আসনৰ মিজোৰাম বিধানসভাত এই তিনিপক্ষীয় যুঁজ। কংগ্ৰেছে শাসকীয় এম এন এফ আৰু নতুন দল জেড পি এমৰ সমান্তৰালকৈ যুঁজ দিছে। বেছিভাগ এগজিট প’লে তিনিদলীয় চৰকাৰৰ দিশলৈ আঙুলিয়াই দিয়ে। আকৌ কিছুমান বুথ ৰিটাৰ্ণ প’লেও নতুন দল জেডপিএমৰ জয়ৰ ইংগিত দিছে।