৩য় পৰ্যটন কৰ্মগোটৰ বৈঠক আৰম্ভ

২০২৩ চনৰ ২২ মে’ৰ পৰা জম্মু, আৰু কাশ্মীৰৰ শ্ৰীনগৰত আৰম্ভ হোৱা তৃতীয় পৰ্যটন কৰ্মগোটৰ বৈঠকত ৬০ জন বিদেশী প্ৰতিনিধি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটনৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ ৬৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অঞ্চলটোক সুৰক্ষা দিবলৈ এন এছ জি আৰু মেৰিন কমাণ্ডোৰ সহায়ত সমগ্ৰ উপত্যকাটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

বৈঠকৰ প্ৰথম দিনাই শ্বেৰ-ই-কাশ্মীৰ কনভেনচন চেণ্টাৰত চলচ্চিত্ৰ পৰ্যটনৰ প্ৰসাৰৰ ওপৰত কেন্দ্ৰিত এক পাৰ্শ্বীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন বক্তাই ছবিৰ জৰিয়তে গন্তব্যস্থানৰ প্ৰচাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰত্যাহ্বান আৰু দেশ-নিৰ্দিষ্ট পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তিনিদিনীয়া এই অনুষ্ঠানত সেউজ পৰ্যটন, ডিজিটেলাইজেচন, দক্ষতা, পৰ্যটন এমএছএমই, আৰু গন্তব্যস্থানকে ধৰি পাঁচটা মূল অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

এই বৈঠকত উপত্যকাবাসীয়ে অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও নিজৰ চহকী সংস্কৃতি আৰু পৰম্পৰাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *