২৬ সপ্তাহৰ পাছত এগৰাকী মহিলাই গৰ্ভপাত কৰাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। এই শুনানিত ২৬ সপ্তাহৰ গৰ্ভৱতী বিবাহিত মহিলাৰ গৰ্ভপাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।
একে সময়তে যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছিল। আজি আদালতত দাখিল কৰা এইমছৰ নতুন প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে গৰ্ভত থকা শিশুটি সম্পূৰ্ণ সুস্থ, শিশুটি কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি থকা নাই।
গৰ্ভাৱস্থাৰ পিছত মহিলাগৰাকীয়ে মানসিক সমস্যাত ভুগিছে যদিও ইয়াৰ বাবে গ্ৰহণ কৰা ঔষধে শিশুটিৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলোৱা নাই। আনহাতে মহিলাগৰাকীক অন্য বিকল্প ঔষধ দিবলৈও পৰামৰ্শ দিয়া হৈছে।
সৰ্বোচ্চ ন্যায়ালয়ে এইমছৰ প্ৰতিবেদজনৰ পিছতে মহিলাগৰাকীৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰে।