২৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, জানক দিনটোৰ মহত্ব

114

ভোটদান সকলোৰে গণতান্ত্ৰিক অধিকাৰ। দেশত যেতিয়াই কোনো নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হয় তেতিয়াই সকলোকে গণতন্ত্ৰৰ উৎসৱত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। নিজৰ মূল্যৱান ভোটদান আৰু জনপ্ৰতিনিধি নিৰ্বাচন কৰি ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে আছে। যুৱক-যুৱতীসকলকো ভোট দিবলৈ উৎসাহিত কৰা হয়। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে ২৫ জানুৱাৰীত এক বিশেষ উদ্দেশ্যেৰে পালন কৰা হয়।

২৫ জানুৱাৰীত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। এই দিনটোৰ এক বিশেষ তাৎপৰ্য আছে। ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয়। ২০১১ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। নিঃসন্দেহে এয়া ভোটাধিকাৰ আৰু গণতন্ত্ৰ উদযাপনৰ দিন। কিন্তু এই দিনটো পালন কৰাৰ আঁৰতো এটা বিশেষ উদ্দেশ্য আছে।সেয়া হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ যুৱ ভোটাৰক উৎসাহিত কৰা।

ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে ভোটদান সকলোৰে মৌলিক অধিকাৰ। সেয়েহে নিৰ্বাচন আয়োগৰ প্ৰধান উদ্দেশ্য ভোটাৰক, বিশেষকৈ নতুন ভোটাৰক ভোটদান আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। প্ৰতি বছৰে এই বিশেষ দিনটোৰ বাবে বেলেগ বেলেগ থিম থাকে। এইবাৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘ভোট দিয়াৰ দৰে একো নাই, মই নিশ্চিতভাৱে ভোট দিওঁ’। যাৰ অৰ্থ হৈছে ভোটদানৰ শক্তিক উজ্জ্বল কৰি তোলা। ভোটদান কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা। প্ৰতিজন ব্যক্তিৰ অনুভৱ আৰু আকাংক্ষাক গুৰুত্ব দিয়া।

জানিব পৰা মতে, ২৫ জানুৱাৰীৰ বাবে ভূস্বৰ্গই বিশেষ প্ৰস্তুতি চলাইছে। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ উপ আয়ুক্ত আয়ুছি চুডানে এখন বৈঠক অনুষ্ঠিত কৰি দিৱসটো উদযাপনৰ বাবে কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। কুপৱাৰা টাউন হলত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল অনুষ্ঠান। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও বুথ পৰ্যায়ৰ বিষয়াসকলক বিশেষ ভোটাৰ পঞ্জীয়ন কাৰ্যসূচী আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।