২০২৩ হিৰো ৱৰ্ল্ড চেলেঞ্জত বিশ্বৰ অভিজাত শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে টাইগাৰ উডছে

টাইগাৰ উডছে বাহামাৰ আলবানীত ২০২৩ৰ হিৰো ৱৰ্ল্ড চেলেঞ্জৰ পূৰ্বে প্ৰ’-এমত প্ৰথমখন ছেমি প্ৰতিযোগিতামূলক ৰাউণ্ডত অংশগ্ৰহণ কৰে টাইগাৰ উডছে। ২০গৰাকী কিংবদন্তি তাৰকাৰ সমাহাৰ ঘটিছে, ইয়াৰ ভিতৰত শীৰ্ষস্থানত স্কটি শ্বেফ্লাৰে, যিয়ে নৰৱেৰ তাৰকা ভিক্টৰ হভলেণ্ডৰ দৰে দ্বিতীয়বাৰলৈ সফলতাৰে নিজৰ বছৰটো সমাপ্তি ঘটাব বিচাৰে, আছে ভিক্টৰ হোভলেণ্ড যিজনে হিৰো ৱৰ্ল্ড চেলেঞ্জত একেৰাহে তিনিবাৰকৈ বিজয়ৰ সোৱাদ লাভ কৰা প্ৰথমজন খেলুৱৈ হোৱাৰ বাবে সৰ্বোচ্চ উজাৰি দিব। আনহাতে, যোৱা এপ্ৰিল মাহত আগষ্টাত মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত নিজৰ নাম প্ৰত্যাহাৰৰ পিছত প্ৰথমবাৰলৈ অংশ ল’ব টাইগাৰ উডছে।

১৫ বাৰকৈ খিতাপৰ অধিকাৰী টাইগাৰ উডছে হিৰো মট’কৰ্পৰ কাৰ্যবাহী অধ্যক্ষ ডাঃ পৱন মুঞ্জলৰ সৈতে নিজৰ প্ৰ’-এম ৰাউণ্ড খেলিছিল যদিও তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এয়া এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল কিয়নো প্ৰতিযোগিতাখনৰ পাঁচবাৰ বিজয়ী উডছে ২০১৯ৰ পিছত প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হৈছিল। প্ৰতিযোগিতাখনৰ এই খেলপথাৰেত আছে স্কটি শ্বেফ্লাৰসহ বিশ্বৰ ১ নং ৰেংকিং দখল কৰা আন পাঁচজন খেলুৱৈ, যাৰ ভিতৰত ৬৮৩ সপ্তাহ ধৰি বিশ্বৰ ১ নং স্থানত থকা টাইগাৰ উডছ, জৰ্ডান স্পিথ, জাষ্টিন থমাছ, জাষ্টিন ৰোজ, আৰু জেছন ডেৰ দৰে তাৰকা গল্ফাৰ।

২০১৪ত এইচডব্লিউচিত গল্ফৰ ক্ষেত্ৰখনত অভিষেক ঘটোৱা আৰু সেই সপ্তাহত ২৬ অণ্ডাৰৰ বাবে কিমান ভাল খেলিছিল সেই কথা মনত পেলাই জৰ্ডান স্পিথে স্বীকাৰ কৰে যে সেই খেলখনেই আছিল “তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ সপ্তাহ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *