২০খন কমিউনিটি ভলীবল ক’ৰ্টক ন ৰূপ দিবলৈ বিভিএলৰ সৈতে সহযোগ ছিগনিফাইৰ

অসমৰ বিভিন্ন জিলাৰ গ্ৰামাঞ্চলৰ ২০খন কমিউনিটি ভলীবল ক’ৰ্ট পোহৰাই তোলাৰ বাবে ব্ৰহ্মপুত্ৰ ভলীবল লীগ (বিভিএল)ৰ সৈতে সহযোগিতা কৰিছে গ্ল’বেল লাইটিং লিডাৰ চিগনিফাইয়ে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই প্ৰতিষ্ঠা কৰা এই প্ৰকল্পৰ লক্ষ্য হৈছে বিভিন্ন গ্ৰাম্য সম্প্ৰদায়ৰ মাজত ভলীবলক গ্ৰহণ আৰু জনপ্ৰিয়তা বৃদ্ধিৰ বাবে প্ৰচাৰ কৰা।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলৰ বাবে যুৱ খেলুৱৈসকলক পেছাদাৰী আলোকসজ্জা স্তৰ(প্ৰফছনেল ইলুমিনেচন লেভেল)ৰ অধীনত অনুশীলন কৰিবলৈ উন্নত পোহৰ সমাধানৰ ব্যৱস্থা কৰিছে ছিগনিফাইয়ে। এই প্ৰকল্পৰ লক্ষ্য হৈছে ৫,০০০ৰো অধিক খেলুৱৈক শক্তিশালী কৰা, ভলীবলৰ প্ৰতি আকৰ্ষিত কৰি তোলা আৰু গ্ৰামাঞ্চলত স্বাস্থ্যকৰ জীৱনশৈলী প্ৰচাৰ-প্ৰসাৰ কৰা। ২০২২ চনত বিভিএলত অংশগ্ৰহণৰ অভূতপূৰ্ব সমাহাৰ দেখা গৈছিল কিয়নো ৩৫০ৰো অধিক গাঁৱৰ দলে এই খেলবিধক আঁকোৱালি লৈছিল।

ছিগনিফাইৰ খেলজ্যোতি চি এছ আৰ কাৰ্যসূচীৰ অধীনত ২০টা তৃণমূল কেন্দ্ৰত উপযুক্ত পোহৰৰ ব্যৱস্থা কৰি ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে। বিভিএলক সফল কৰি তোলাৰ আঁৰৰ দূৰদৰ্শী ব্যক্তি অভিজিৎ ভট্টাচাৰ্যই গ্ৰামাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে চিগনিফাইৰ অটল দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিষয়ে তেওঁ কয় যে, “গ্ৰাম্য অঞ্চলত ভলীবলৰ আন্তঃগাঁথনি উন্নত কৰি আমি ভৱিষ্যতৰ ভলীবল খেল আৰু চেম্পিয়নৰ উত্থান তথা সমগ্ৰ অসমতে এই প্ৰিয় খেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ সাক্ষী হ’ম বুলি আশা কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *