১ নং ৱাৰ্ডৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা

সদ্যঘোষিত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১ নং ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ আৰু গাড়ীগাওঁ ঔৰ তলৰ নিবাসী মঃ জামাল আলী আৰু আফতাৰণ নেছাৰ জীয়ৰী  ফাৰিহা বনাই আটাইকেইটা বিষয়ত লেটাৰ মার্ক সহ ৮৭ %  লাভ কৰা ,  চাজিদুৰ ৰহমান আৰু সঞ্জি বেগমৰ জীয়ৰী  চুজানাৰা ৰহমানে চাৰিটা বিষয়ত লেটাৰ মার্ক সহ ৭৫ % লাভ কৰা ,  আৰু আর্জু হক আৰু আখতাৰা বেগমৰ পুত্ৰ আনিচুল হকে এটা বিষয়ত লেটাৰ মার্ক সহ ৬০.৫ %  লাভ কৰি অঞ্চলটোলৈ  গৌৰৱ কঢ়িয়াই অনা বাবে পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ  এটা সজাতি দলে ৯ জুনত আটাইকেইগৰাকী মেধাবী শিক্ষার্থীক ঘৰলৈ গৈ  সম্বর্দ্ধনা জনায় ।  সম্বর্দ্ধনাত আছে এখন ফুলাম গামোচা এখন সম্বর্দ্ধনাপত্র আৰু এটি কিতাপৰ টোপোলা।  আনহাতে সম্বর্দ্ধনা জনোৱা সজাতি দলটোত   উপস্থিত থাকে  পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ সভাপতি  হৰেন চন্দ্র দাস . সম্পাদক  হৃষিকেশ দাস,আৰু জ্যেষ্ঠ নাগৰিক তথা ভকত  বাবুল চন্দ্ৰ দাস ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *