অসম চৰকাৰৰ বন বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষই পলমকৈ হলেও ৰাজ্যজুৰি বিভাগৰ বিভিন্ন শাখাত কৰ্মৰত ১২৫ জন ডেপুটী ৰেঞ্জাৰক সন্মানীয় ৰেঞ্জাৰ পদলৈ পদোন্নতি দিয়া কাৰ্যক আদৰণি জনাইছে অসম বন কৰ্মচাৰী সন্থাই । এটা বিবৃতিত সন্থাৰ সভাপতি হোমেন পেগু , উপ সভাপতি উৎপল বৰ্মন , সাধাৰণ সম্পাদক ৰাহুল বৰা আৰু সহকাৰী সম্পাদক আব্দুল ৰচিদে কয় আমি অসম বন কৰ্মচাৰী সন্থাই সমূহ পদোন্নতি প্ৰাপক সকলক অভিনন্দন শুভেচ্ছা জনালো ৷ এইক্ষেত্ৰত অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ , আয়ুক্ত আকাশ দ্বীপ , সচিব মাহমুদ হাচান , প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱ , মুখ্য কাৰ্য্যালয় অৰণ্য ভবনৰ সংস্থাপন শাখাৰ অধীক্ষক মনোজ হালৈকে প্ৰমুখ্যে কৰি সকলো সহায়ক- সহায়িকাৰ শলাগ লৈছোঁ ৷ আনকি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত বিভাগক দিয়া নিৰ্দেশনাৰ বাবেও তেওঁৰ শলাগ লৈছো । সন্থাই বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক এতিয়া বনপালকৰ পৰা ডেপুটী ৰেঞ্জাৰ আৰু বনৰক্ষীৰ পৰা বনপালকলৈ পদোন্নতি দিয়াৰ কামখিনী যাতে শীঘ্ৰে সম্পন্ন কৰে তাৰ বাবে আহ্বান জনাইছে । ইয়াৰ উপৰিও পূৰ্বতে বিভিন্ন কাৰণত নিৰ্ধাৰিত হাৰৰ দৰমহা লাভৰ পৰা যিখিনী মাষ্টাৰৰোল বনকৰ্মী বাদ পৰি গৈছে তেওঁলোককো যাতে পূৰ্বৰ কাম কৰা সংমণ্ডলতে নিযুক্ত কৰি শীঘ্ৰে নিৰ্ধাৰিত হাৰৰ দৰমহা পোৱাৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাইছে ।
১২৫ জন ডেপুটী ৰেঞ্জাৰক পদোন্নতি ; অসম বন কৰ্মচাৰী সন্থাৰ আদৰণি
