১০ দলৰ মাজত মুঠ ২৩ খন খেল অনুষ্ঠিত হ’ব

মহিলা টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাজত মাথোঁ আৰু কেইটামান দিন। প্ৰতিযোগিতাখন ১০ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কেপ টাউনত ভাৰতীয় সময় অনুসৰি নিশা ১০.৩০ বজাত আৰম্ভ হ’ব। বিশ্বকাপৰ উদ্বোধনী দিনটোত আয়োজক দেশৰ দলটোৱে শ্ৰীলংকাৰ দলৰে মুখামুখি হ’ব। ১৭ দিনত মুঠ ২৩ খন খেল অনুষ্ঠিত হ’ব। চেম্পিয়নৰ সিদ্ধান্ত ২৬ ফেব্ৰুৱাৰীত লোৱা হ’ব। দুটা গোটত স্থান দিয়া এই বিশ্বকাপত ১০ টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো গোটৰ এটা দলে তেওঁলোকৰ গোটৰ আন চাৰিটা দলৰ সৈতে এখনকৈ খেল খেলিব। দুয়োটা গোটৰ শীৰ্ষ দুটাকৈ দলে ছেমি ফাইনেলত স্থান লাভ কৰিব। গ্ৰুপ পৰ্যায়ৰ খেলসমূহ ১০ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ খেলা হ’ব। ইয়াৰ পিছত ছেমি ফাইনেল আৰু অন্তিম খন খেল অনুষ্ঠিত হ’ব। গ্ৰুপ এ: অষ্ট্ৰেলিয়া, বাংলাদেশ, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু গ্ৰুপ বি: ভাৰত, ইংলেণ্ড, আয়াৰলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *