সন্মিলিত মধ্য গুৱাহাটী লেখিকা সমাৰোহৰ ১ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অতি গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ১৪অক্টোবৰ শনিবাৰে চানমাৰিস্হিণ নিৰাময়ভৱনত অনুস্থিত হৈ যায় ৷সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ড° শীলা বৰঠাকুৰ প্ৰতিচ্ছবিত মল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ আৰম্ভণি কৰে সভানেত্ৰী ছৈয়দা আঞ্জুম আৰা হুছেইনে ৷ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে সমিতিৰ সাংস্কৃতিক সম্পাদিকা মধুস্মিতা বৰাৰ পৰিচালনাত সদস্যাসকলে “চিৰ চেনেহী মোৰ ভাষা জননী“ গীতটি পৰিবেশন কৰে।ছৈয়দা আঞ্জুম আৰা হুছেইনে সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক নিৰ্মাতা বৰগোহাঁইয়ে আৰু আদৰণি ভাষণ আগবঢ়াই মেঘালী বৰায় ৷ সাংগঠনিক সম্পাদক ৰুবী কলিতাই বৰগীত এটি পৰিবেশনেৰে সভাৰ মূল কাৰ্যসূচী আৰম্ভ কৰা সভাখনিত সদৌ অসম লিখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা মিনতি দলে , ড° লখিমী গগৈ ,ডা° মৌচুমী বৰকটকী , মিনু দাস , কিৰণ বড়ো , ড° জুৰি গোস্বামী ,মেঘালী বৰুৱা শইকীয়াই বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকৰ সাৰুৱা বক্তব্য দাঙি ধৰি অনুষ্ঠানটিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে ৷ আলোচনী সম্পাদক অলকা মহন্ত বৰুৱাই এটি সুন্দৰ নৃত্য প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰে ৷ প্ৰতিষ্ঠা দিৱসটিত কবিতা পাঠ কৰে গীতাঞ্জলি শৰ্মা , ড° ৰূপা ডেকা পাটৰ ,মধুস্মিতা বৰা ,কাকলি বৰদলৈ ,গীতাঞ্জলি বৰ্মন ডেকা , মমী লহকৰ ,চানীয়াৰা ইয়াচমিন , মৌচুমী বৰা , ৰাছিকা সোনোৱাল ,ৰঞ্জুশ্ৰী বৰ্মনে আৰু স্বৰচিত অণুগল্প পাঠ কৰে মিনু ডেকা , শিল্পী ৰেখা গগৈয়ে ৷
এটি সুন্দৰ গোৱালপৰীয়া গীতেৰে সকলোকে আপ্লুত কৰে বন্দনা কলিতাই লগতে কল্পনা দেৱীৰ এটি গীত পৰিবেশনে অনুষ্ঠানটি সজীৱ কৰি তোলে ৷
উক্ত সভাতেই সন্মিলিত সমিতিৰ উপদেষ্টা ৰঞ্জুশ্ৰী বৰ্মনৰ “দেৱী পূজা আৰু মাহাত্ম্যৰ কথা“ নামৰ গ্ৰন্থখনি উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা মৃদুস্মিতা শৰ্মাই ৷
সভাৰ শেষত সহকাৰী সম্পাদিকা কল্পনা দেৱীয়ে শলাগৰ শৰাই আগবঢ়াই আৰু অসম সংগীতেৰে অনুষ্ঠানটি সুন্দৰভাবে সামৰণি পৰে ৷
১ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন
