হোলীৰ আনন্দৰ মাজতে মন্দিৰ চৌহদত দুৰ্বৃত্তৰ দাৰ আক্ৰমণত নিহত এজন…

হোলী উদযাপনৰ মাজতে বঙাইগাঁও জিলাত বুধবাৰে মন্দিৰ চৌহদৰ ভিতৰত দুৰ্বৃত্তৰ দাৰ আক্ৰমণত এজন যুৱক নিহত হোৱাৰ লগতে আন দুজন আহত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি মন্দিৰ চৌহদত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

যোগীঘোপাৰ পল্লিৰতাল পালপাৰাত অৱস্থিত মন্দিৰত হোলী উপলক্ষে আয়োজন কৰা দৌল উৎসৱৰ সময়ত সংঘটিত হয় এই ঘটনা।

সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰসাদ বিতৰণক লৈ সংঘটিত হোৱা কাজিয়াৰ ফলত তৰণী দাস নামৰ যুৱকজনক দাৰে আক্ৰমণ কৰি হত্যা কৰে। আন দুজনে অভিযুক্তক ৰখাবলৈ চেষ্টা কৰিছিল যদিও এই প্ৰক্ৰিয়াতো আহত হয়।

অভিযুক্ত এজনক কৃষ্ণ শীল বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাৰ সময়ত দুজন যুৱক মদ্যপান কৰি থকা বুলি জানিব পৰা গৈছে।

আহত দুজন লোকৰ নাম ৰবিন চন্দ্ৰ শীল আৰু শোধন পাল।

ইফালে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *