হোণ্ডাই ৰোড ছেফটি এৱাৰনেছ কেম্পেইন আয়োজন কৰে বিজনীত

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই বিজনীত ভাৰতত সুৰক্ষিত বাহন চালনাৰ আচৰণৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান আৰম্ভ কৰিছে। হোণ্ডাৰ বাবে পথ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। বিজনী মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত দুদিনীয়া অধিৱেশনত HMSI-এ ২,৫০০ৰো অধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীক নিৰাপদ ৰাইডিং কৌশলৰ সৈতে পৰিচয় আৰু বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এইচএমএছআইৰ পথ সুৰক্ষা প্ৰশিক্ষকসকলে বয়সৰ ভিত্তিত প্ৰযোজ্য ৰোড ছেফটি শিক্ষণ আৰ্হি ব্যৱহাৰ কৰিছিল যাতে সকলো লোকে নিৰাপদে গাড়ী চলোৱাৰ তাৎপৰ্য বুজি পায় আৰু যাতে সজাগতা বৃদ্ধি পায়।

HMSIৰ এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত বৈজ্ঞানিকভাৱে ডিজাইন কৰা শিক্ষণ মডিউল, ব্যৱহাৰিক শিক্ষণ, ইণ্টাৰেক্টিভ চেছন আৰু বৰ্তমানৰ চালকৰ বাবে প্ৰযোজ্য ৰাইডিং কৌশল ব্যৱহাৰ কৰা হৈছিল। যুৱ ছাত্ৰ-ছাত্ৰীসকলে পথ সুৰক্ষাৰ বিষয়ে অধিক সজাগ-সচেতন হোৱাটো নিশ্চিত কৰিবলৈ ৰোড ছেফটি গেম আৰু কুইজৰ দৰে আমোদজনক শৈক্ষিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।

হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ HR, এডমিন, IT আৰু কৰ্প’ৰেট বিষয়ৰ জ্যেষ্ঠ সঞ্চালক বিনয় ধিংৰাই কয়, “এই অভিযানৰ জৰিয়তে আমি নতুন আৰু উদীয়মান বাইক চালকৰ মাজত পথ সুৰক্ষাৰ সঠিক অভ্যাস গঢ়ি তোলাৰ লগতে পথসমূহ নিৰাপদে ব্যৱহাৰ কৰাৰ গুৰুত্ব বুজাত সহায় কৰাৰ লক্ষ্য ৰাখিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *