হিৰোৱে ২০২৪ত ইভি বাহনৰ সৈতে ব্ৰিটেইন আৰু ইউৰোপৰ মূল দেশসমূহত আত্মপ্ৰকাশ কৰিব

বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল আৰু স্কুটাৰ নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্পে ইআইচিএমএ ২০২৩ত কৌশলগত পদক্ষেপৰ কথা ঘোষণা কৰিছে, যাৰ ভিতৰত আছে বৈদ্যুতিক গতিশীলতাৰ পদচিহ্ন সম্প্ৰসাৰিত কৰা, নতুন আইচিই বাহন শ্ৰেণীত প্ৰৱেশ কৰা আৰু ইউৰোপলৈ প্ৰৱেশ কৰা ইত্যাদি। ইআইচিএমএত কোম্পানীটোৱে তিনিখন কনচেপ্ট বাহন আৰু তিনিখন প্ৰডাকচন ৰেডি বাহন মুকলি কৰিছে, য’ত আছে জুম ১২৫আৰ আৰু জুম১৬০ স্কুটাৰো, যিয়ে অতি সোনকালে একাধিক ভৌগোলিক ক্ষেত্ৰত প্ৰৱেশ কৰিব।

ইয়াৰ লগতে ইউৰোপ আৰু ব্ৰিটেইন বজাৰৰ বাবে ভিআইডিএ ভি1 প্ৰ’ও উন্মোচন কৰিছে। কোম্পানীটোৱে নতুন কেটেগৰী কনচেপ্ট ২.৫আৰএক্সটাণ্ট কেটেগৰী উন্মোচন কৰিছে, যি কোম্পানীটোৰ বাবে এক নতুন কেটেগৰী। হিৰো মট’কৰ্পে দুটা ইভি ধাৰণাও মুকলি কৰিছে, লিংক্স আৰু এক্ৰ’, কোম্পানীৰ ইউৰোপীয় আৰ এণ্ড ডি হাব, টেক চেণ্টাৰ জাৰ্মানীত বিকশিত নগৰীয় গতিশীলতাৰ ওপৰত এক নতুন পদক্ষেপ। স্পেইন আৰু ফ্ৰান্সৰ পৰা আৰম্ভ কৰি হিৰো মট’কৰ্পে নিজৰ ইলেক্ট্ৰিক বাহন ব্ৰেণ্ড ভিডাত উঠি ইউৰোপত প্ৰৱেশ কৰিব। যুক্তৰাজ্যতো কোম্পানীটোৱে কাম-কাজ আৰম্ভ কৰিব।

বিশ্বব্যাপী সংবাদ মাধ্যমক সম্বোধন কৰি হিৰো মট’কৰ্পৰ চিইঅ’ নিৰঞ্জন গুপ্তাই ইআইচিএমএত কোম্পানীটোৰ ষ্টলত কয় যে, “আমি আমাৰ শেহতীয়া সামগ্ৰী আৰু প্ৰযুক্তিসমূহ সমগ্ৰ বিশ্বৰ পৰা অহা আমাৰ অংশীদাৰসকলক প্ৰদৰ্শন কৰিবলৈ উৎসাহিত হৈছোঁ। আমি ব্ৰিটেইন, স্পেইন আৰু ফ্ৰান্সৰ অতি বিশ্বাসযোগ্য অংশীদাৰৰ সৈতে সহযোগিতা কৰি ২০২৪ চনৰ মাজভাগৰ ভিতৰত প্ৰতিখন বজাৰতে বাণিজ্যিক কাৰ্য-কলাপ আৰম্ভ কৰাৰ লক্ষ্য বান্ধি লৈছোঁ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *