হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকৰ বুকিঙত লাভ কৰিছে যথেষ্ট ইতিবাচক সঁহাৰি

হিৰো মট’কৰ্পৰ প্ৰথমখন সহ-বিকশিত প্ৰিমিয়াম বাইক হাৰ্লি-ডেভিডছন এক্স৪৪০ আৰু আইকনিক আমেৰিকান বাইক নিৰ্মাতা হাৰ্লি-ডেভিডছনে গ্ৰাহকৰ বুকিঙত যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে। ২০২৩ চনৰ ৩ জুলাইত বুকিং মুকলি হোৱাৰ পিছৰে পৰা গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। স্বকীয় ডিজাইন, অল-মেটেল বডী আৰু শক্তিশালী ইঞ্জিনে হাৰ্লি-ডেভিডছন ব্ৰেণ্ডৰ বৈশিষ্যক প্ৰকৃত প্ৰদৰ্শনকাৰী হিচাপে প্ৰদৰ্শন কৰিছে। বাইকযাত্ৰাৰ চঞ্চল আৰু শক্তিশালী দুয়োবিধ মানদণ্ডৰ জৰিয়তে এক প্ৰেৰণাদায়ক বাইক চালনাৰ অভিজ্ঞতা প্ৰদান কৰে।

এই হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইক তিনিটা ভিন্ন প্ৰকাৰত উপলব্ধ: ডেনিম, ভিভিড আৰু এছ। ইয়াৰে ডেনিমৰ বাবে ২,২৯,০০০/- টকা, ভিভিডৰ বাবে ২,৪৯,০০০/- টকা আৰু এছ ভেৰিয়েণ্টৰ বাবে ২,৬৯,০০০/- টকা পৰিচয় মূল্য ধাৰ্য কৰা হৈছে। ২০২৩ চনৰ ৩ আগষ্টলৈকে অনলাইন বুকিং কৰিব পাৰিব গ্ৰাহকে। মাত্ৰ ৫০০০/- টকাৰ জৰিয়তেই অনলাইন বুকিং কৰিব পাৰিব। অক্টোবৰৰ পৰা আৰম্ভ হ’ব বুকিং কৰা বাইকসমূহৰ ডেলিভাৰী। আগ্ৰহী লোকসকলে www.Harley-Davidsonx440.comত গৈ অনলাইন বুকিং কৰিব পাৰিব হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকখন।

এই বিষয়ে হিৰো মট’কৰ্পৰ মুখ্য কাৰ্যবাহী বিষয়া নিৰঞ্জন গুপ্তাই কয় যে, “হাৰ্লি-ডেভিডচন এক্স৪৪০ৰ বাবে অনুসন্ধান আৰু বুকিঙৰ বৰ্ধিত সঁহাৰিয়ে আমাক যথেষ্ট আনন্দিত কৰিছে। এতিয়ালৈকে লাভ কৰা বুকিঙৰ সংখ্যাই আমাৰ প্ৰত্যাশাক অতিক্ৰম কৰিছে আৰু আমি এনে এটা পৰ্যায়ত উপনীত হৈছো য’ত আমি অনলাইন বুকিং চেনেলটো অস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *